দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত অভিনন্দন অনুষ্ঠান
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাঙ্গণত ২৮ জুলাই সোমবাৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত ইংৰাজী ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পলাশবাৰী সমষ্টিৰ প্ৰায় ১৮০০ কৃতি ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে বিশিষ্ট সাংবাদিক আৰু স্কুল প্ৰধান সকলক অভিনন্দন জনাই ৷ গাম্ভীৰ্যপূৰ্ণ উক্ত অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ,দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱকান্ত অধিকাৰী,বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্য,ছয়গাওঁ জেষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱ কুমাৰ কলিতা,বিশিষ্ট সাংবাদিক নন্দন প্ৰতিম বৰদলৈ, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নৰেন্দ্ৰ এছ চৌধুৰীৰ লগতে দক্ষিণ কামৰূপৰ কেইবাগৰাকীও বিশিষ্ট লোক। উল্লেখযোগ্য যে এই অনুষ্ঠানত বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বিগত সময় কৰ্মৰাজিৰ ওপৰত “ব্যতিক্ৰম বিধায়ক হেমাংগ ঠাকুৰীয়া” নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত গ্ৰন্থ উন্মোচন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড নৱজ্যোতি দাসে। উল্লেখযোগ্য বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠান উপস্থিত ৰাইজে তেখেতৰ এই অনুষ্ঠানক বিশেষভাৱে শলাগ লয় লগতে অনাগত দিনত এনেধৰণৰ অনুষ্ঠানেৰে ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ আৰু উদ্দীপনা যোগায় তোলাৰ ক্ষেত্ৰত বিশেষভাৱে ক্ৰিয়া কৰিব বুলি বিধায়ক গৰাকীক উৎসাহিত কৰা দেখা যায় ৷