দক্ষিণ কামৰূপ মহাবিদ্যালয়ত দৰ্শন বিভাগৰ দ্বাৰা” বিশ্ব দৰ্শন দিৱস”পালন
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাত আজি মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ উদ্যোগত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে “বিশ্ব দৰ্শন দিৱস “পালন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নৱজ্যোতি দাসে মুকলি কৰা এই দিৱসত সমল ব্যক্তি হিচাবে উপস্থিত থাকে বি বৰুৱা মহাবিদ্যালয় গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ড০ প্ৰণতি দেৱী। তেওঁ এই দিৱসৰ লগত সংগতি ৰাখি দৰ্শন বিষয়ৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। তেওঁ লগতে সমাজত দৰ্শনৰ দায়বদ্ধতাৰ বিভিন্ন দিশৰ কথা ভাষণত উল্লেখ কৰে। আৰম্ভণিতে অধ্যাপিকা ড০ অদিতি দেৱী চৌধুৰীয়ে এই বিশ্ব দৰ্শন দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ অধ্যাপিকা জবা কলিতাই আঁত ধৰা এই বিশ্ব দৰ্শন দিৱসত বৰগীত পৰিৱেশন কৰে দৰ্শন বিভাগৰ ছাত্ৰী জানমণি শৰ্মা ই। শেষত অধ্যাপক অনুজ কলিতাই ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰাৰ পাছত শলাগৰ শৰাই আগবঢ়াই অধ্যাপিকা শিৱাণী কুমাৰীয়ে। মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সক্ৰিয় সহযোগিতা আৰু মত বিনিময়ে এই দিৱসটো সাফল্যমণ্ডিত কৰি তোলে।