দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ সভাত পৰ্যটন উদ্যোগৰ সম্ভাৱনা বিকাশৰ ওপৰত বিস্তাৰ আলোচনা 

দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ সভাত পৰ্যটন উদ্যোগৰ সম্ভাৱনা বিকাশৰ ওপৰত বিস্তাৰ আলোচনা 

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- বৃহত্তৰ দক্ষিণ কামৰূপৰ ১৯৯৫ চনত স্থাপিত হোৱা দক্ষিণ কামৰূপ প্ৰেছ ক্লাব সাংবাদিক,শিল্পী,সাহিত্যিকৰ অন্যতম অনুষ্ঠান ৷ দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত আজি১৬ মাৰ্চ দেওবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উপৰহালী ভাওৰা গোপাল গোঁসাইঘৰ উপৰহালী ৰাইজ গয়ৰহৰ প্ৰাঙ্গণত দক্ষিণ কামৰূপত পৰ্যটন উদ্যোগৰ সম্ভাৱনা বিকাশ আৰু ৰাইজৰ কৰণীয় শীৰ্ষক এখনি আলোচনা চক্ৰ আৰু সম্বৰ্ধনা সভা আয়োজিত হয় ৷ দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰৰ সঞ্চালনাত উক্ত সভাখন আয়োজিত কৰা হয় ৷ সভাৰ কাৰ্যক্ৰমণিকা হিচাপে থাকে পুৱা বন্তি প্ৰজ্বালন কৰে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়াই, দক্ষিণ কামৰূপৰ জেষ্ঠ্য সাংবাদিক প্ৰয়াত বলেন কলিতা দেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেখেতৰ জীয়ৰী বিনীতা কলিতাই পুষ্পাঞ্জলি আৰু স্মৃতি তৰ্পণ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে , সাস্কৃতিক কাৰ্যসূচী আৰু মঞ্চ মুকলি কৰে অসম চৰকাৰৰ সাহিত্যিক বঁটা প্ৰাপ্যক গজেন্দ্ৰ অধিকাৰীয়ে,আলোচনা চক্ৰ আৰু সম্বৰ্ধনা সভা উদ্বোধন আৰু সঞ্চালনা কৰে দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰে ৷ অনুষ্ঠানৰ আলোচক হিচাপে উপস্থিত থাকে মঃ মোবাৰক হুচেইন,ড° শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া,ড° প্ৰানেশ্বৰ নাথ,আৰু ললিত কুমাৰ জৈন ৷ সভাত ভাষন ৰাখে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়া আৰু বিজেপিৰ যুৱনেতা অনুপ কুমাৰ মেধিয়ে ভাষনত তেখেতে সকলে কয় আজিৰ আলোচনা চক্ৰত প্ৰস্তাৱ হোৱা বিষয় সমূহৰ প্ৰতিবেদন দাখিল কৰিব অসম চৰকাৰক বিধায়কৰ যোগেদি ৷ আনহাতে সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰে বিশিষ্ট কণ্ঠশিল্পী কুমাৰ ভৱেশৰ সংগীতানুষ্ঠানৰে লগতে দখলা অগ্ৰগামী চিষ্টাৰ্ছ মিউজিক ব্ৰেণ্ডৰ সদস্য/সদস্যা সকল আৰু উপৰহালী মিলিজুলি ভাই-ভনী বেনপাৰ্টিৰ সাংস্কৃতিক গীতমাতেৰে ৷ উক্ত অনুষ্ঠানত সকলো বৰ্গৰ ৰাইজৰ উপস্থিতি আৰু সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ সক্ষম হৈছে ৷