দক্ষিণ কামৰূপ জিলাৰ কালাতলীত সদৌ অসম কবি সন্মিলনৰ ছমৰীয়া শাখা কবি সন্মিলন গঠন

দক্ষিণ কামৰূপ জিলাৰ কালাতলীত সদৌ অসম কবি সন্মিলনৰ ছমৰীয়া শাখা কবি সন্মিলন গঠন

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ২৬-০৭-২০২৫ তাৰিখে বিশিষ্ট কবি, লেখক জেহিৰুল ইচলামৰ আহমেদৰ মুখ্য তত্ত্বাবধানত পিএম শ্ৰী কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত ‘ছমৰীয়া শাখা কবি সন্মিলন’ নামেৰে এটি কাব্যিক অনুষ্ঠান গঠনৰ লগতে “কবিতাৰ আবেলি” কাৰ্যসূচী সুকলমে অনুষ্ঠিত হয়। অনুষ্ঠানত সভাপতিত্ব কৰে হাতেম চৌধুৰী শিশু নিকেতন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল(গৰৈমাৰী)ৰ অধ্যক্ষ ৰফিক চৌধুৰীয়ে। সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকল ক্ৰমে সৰ্বশ্ৰী ১) কৃষ্ণ দৈমাৰী, সম্পাদক, সদৌ অসম কবি সন্মিলন, ২) মৃণাল কুমাৰ বৰা, সাংগঠনিক সম্পাদক, সদৌ অসম কবি সন্মিলন, ৩) শোভন কুমাৰ মেধি, ৰাজ্যিক সাধাৰণ পৰিষদৰ সদস্য আৰু সাংগঠনিক সম্পাদক, কামৰূপ মহানগৰ জিলা কবি সন্মিলন, ৪) জগন্নাথ কলিতা, মুখ্য তত্ত্বাবধায়ক, কামৰূপ জিলা কবি সন্মিলন ৫) মেদিনী মোহন ভট্টাচাৰ্য, মুখ্য তত্ত্বাবধায়ক, কামৰূপ জিলা কবি সন্মিলন, ৬) ড° শেৱালী কলিতা দাস, আহ্বায়িকা, কামৰূপ জিলা কবি সন্মিলন, ৭) অচ্যুৎ কলিতা,আহ্বায়ক, কামৰূপ জিলা কবি সন্মিলন, ৮) ছয়গাঁ‌ও শাখা কবি সন্মিলনৰ সভাপতি অনিল কুমাৰ সাউদ, উপ-সভাপতি শুক্লেশ্বৰ মালী আৰু সম্পাদক মৃদুল কলিতা, ৯) গৰৈমাৰী গ্ল’বেল অকাডেমীৰ অধ্যক্ষ আব্দুছ চালাম আৰু বৃহত্তৰ ছমৰীয়া অঞ্চলৰ বিশিষ্ট কবি, লেখক শিক্ষাবিদ ও গন্যমান্য ব্যক্তি সকল। সভাত ক্ৰমে কবি জেহিৰুল ইচলাম আহমেদক সভাপতি, মহিবুল চৌধুৰীক সাধাৰণ সম্পাদক, ৰবিউল হুছেইন আৰু আব্দুল হকক উপ-সভাপতি, ছেলিম আখতাৰ আৰু ছামচুল হকক সহকাৰী সম্পাদক, দেলবৰ হুছেইনক কোষাধক্ষ্য, বাহাৰুল ইচলামক প্ৰচাৰ সম্পাদক, স্বৰবেশ আলী আহমেদক সাংগঠনিক সম্পাদক, নুৰ নাহাৰ জিয়াক পত্ৰিকা সম্পাদিকা, আৰু কাৰ্যনিৰ্বাহক সদস্য হিচাপে ক্ৰমে আব্দুছ ছামাদ, আজিবৰ ৰহমান, শ্বাইনুৰ ইচলাম, ছৰুত জামাল, ইমৰাণ আহমেদক লৈ ১৫ জনীয়া ছমৰীয়া শাখা কবি সন্মিলন খনি পূৰ্ণাংগৰূপত গঠন কৰা হয়। সভাত ডেৰকুৰি জনতকৈও অধিক কবিয়ে স্বৰচিত কবিতা পাঠ আৰু গীত পৰিবেশন কৰে।