দক্ষিণ কামৰূপৰ পলাশবাৰীৰ জগলীয়া নদীত মৃতদেহ উদ্ধাৰ

Pc Deccan Herald

দক্ষিণ কামৰূপৰ পলাশবাৰীৰ জগলীয়া নদীত মৃতদেহ উদ্ধাৰ

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হাৰোপাৰা গাৱঁৰ সন্ধানহীন হোৱা মহন্ত দাসক জগলীয়া নদীৰ পৰা উদ্ধাৰকৰ্তাই উদ্ধাৰ কৰে। যোৱা কালি ২৪ জুন মংগলবাৰৰ পৰা দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হাৰোপাৰা গাঁওৰ ৬০ বছৰীয়া মহন্ত দাস নামৰ লোকজনে পথাৰলৈ গৰু আনিবলৈ গৈ জগলীয়া নদীৰ বুকুত ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল ৷ নিশা পৰিয়ালৰ লোকে নৈত উটি যোৱা বুলি পলাশবাৰী আৰক্ষীক অৱগত কৰাত ৰাতিপুৱাৰে পৰা পলাশবাৰী আৰক্ষীৰ সহযোগত এচ ডি আৰ এফ ৰ লোকে অভিযান অব্যাহত ৰাখিছিল।অভিযানত সন্ধানহীন হৈ থকা মহন্ত দাসক জগলীয়া নদীৰ পৰা মৃত অৱস্থাত এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।