দক্ষিণ কামৰূপৰ ছয়গাঁওত কৃষক প্ৰশিক্ষণ আৰু কৃষি মেলাৰ সাফল্যমণ্ডিত পৰিসমাপ্তি 

দক্ষিণ কামৰূপৰ ছয়গাঁওত কৃষক প্ৰশিক্ষণ আৰু কৃষি মেলাৰ সাফল্যমণ্ডিত পৰিসমাপ্তি 

ৰঙিলী বাৰ্ত্তাসেৱা-  মিৰ্জা ১৯ মাৰ্চ কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত আৰু “অক্টোপাছ” নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত যোৱা ১৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা কৃষক প্ৰশিক্ষণ আৰু কৃষি মেলাৰ আজি সাফল্যমণ্ডিত পৰিসমাপ্তি ঘটে ৷ছয়দিনীয়া কাৰ্যসূচীৰে চলা এই কৃষি মেলা কামৰূপ জিলাৰ প্ৰায় পোন্ধৰটা কৃষি উন্নয়ন খণ্ডত অনুষ্ঠিত হয় ৷ যাৰ সমান্তৰালভাৱে কৃষক সকল উপকৃত হোৱাকৈ এই মেলালৈ আমন্ত্ৰিত অতিথি আৰু বিভাগীয় বিষয়াসকলে মাটিৰ স্বাস্থ্য পৰীক্ষণ,প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি,প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা,ধান ক্ৰয়কে আদি কৰি বিভাগীয় আচঁনিৰ লগতে কাঠফুলাৰ দৰে ব্যতিক্ৰমী খেতিৰে কেনেদৰে স্বাৱলম্বী হ’ব পাৰি তাৰ প্ৰশিক্ষণ দিয়ে ৷ কৃষকসকলৰ উপস্থিতিৰ লগতে বিভিন্ন বিষয়ত জ্ঞান লাভৰ উৎসুকতাই মেলাখন সাফল্যমণ্ডিত কৰি তোলে ৷ উল্লেখযোগ্য যে উক্ত মেলাখনত ছয়গাঁৱৰ কৃষি উন্নয়ন বিষয়া ড° নিলাক্ষী কাকতিৰ লগতে বহুকেইগৰাকী বিষয়ববীয়া উপস্থিতিয়ে কৃষকসকল আৰু সচেতন মহলক উৎফুল্লিত কৰি তোলে ৷