দক্ষিণ কামৰূপৰ কুলশী নদীত দুষ্প্ৰাপ্য কাছো উদ্ধাৰ

দক্ষিণ কামৰূপৰ কুলশী নদীত দুষ্প্ৰাপ্য কাছো উদ্ধাৰ 

দক্ষিণ কামৰূপ, ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ কুলশী নদীত আজি এটা দুষ্প্ৰাপ্য কাছো উদ্ধাৰ কৰা হয় ৷ স্থানীয়লোকে কুলশী নদীত মাছ মাৰি থাকোতে,দুষ্প্ৰাপ্য কাছোটো প্ৰত্যক্ষ কৰে,তাৰপাছত কুলশী বনবিভাগ কাৰ্য্যালয়ত খৱৰ দিয়ে ৷ খৱৰ পোৱাৰ মাত্ৰতেই বনবিভাগৰ দল উক্ত স্থানত উপস্থিত হয় আৰু দুষ্প্ৰাপ্য কাছোটো উদ্ধাৰ কৰে ৷ পিছত কুলশী বনবিভাগ কাৰ্য্যালয়ৰ ভাৰপ্ৰাপ্ত ৰেঞ্জাৰ কংকণ জৌতি কৌশিকৰ তত্ত্বাৱধানত উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য কাছোটো চানডুবি আৰু কুলশী নদীৰ দুৱাৰমুখত এৰি দিয়া হয় ৷