দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল কৰিলে ঘৰুৱা দল টীম ইণ্ডিয়াই। আলহী দল দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ বিশাখাপট্টনমত অনুষ্ঠিত তৃতীয় তথা নির্ণায়ক মেচখনত টীম ইণ্ডিয়াই ৯ উইকেটত জয়লাভ কৰে। মেচখনত বিজয় সাব্যস্ত কৰি টীম ইণ্ডিয়াই শৃংখলাটো ২-১ত হস্তগত কৰে। মেচখনত প্র’টিয়াজ বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৭১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ যশস্বী জয়ছোৱালৰ অপৰাজিত শতক তথা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই ৩৯.৫ অভাৰত মাত্র ১টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ইনিংছ মুকলি কৰিবলৈ আহি জয়ছোৱাল আৰু ৰোহিত শৰ্মাই টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিয়াই নহয় দলৰ জয়ৰ পথো প্রশস্ত কৰি তোলে। দুয়োৰে মাজত প্রথম উইকেটত ১৫৫ ৰান সংগ্ৰহ হয়। ৰোহিত শর্মাই ৭৫ ৰানত বিদায় লয় যদিও জয়ছোৱালে এদিনীয়া ক্রিকেটত প্রথমটো শতক অর্জন কৰে। ৰোহিতৰ ৭৩টা বলৰ ইনিংছটোত আছিল ৭টা চাৰি আৰু ৩টা ৬। ৰোহিত শর্মা আউট হোৱাৰ পিছত জয়ছোৱালে কোহলীৰ সৈতে লগ লাগি দলক জয়ৰ সোৱাদ দিয়ে। দুয়োৱে দ্বিতীয় উইকেটত অপৰাজিতভাৱে ১১৬ ৰান সংগ্ৰহ কৰে। জয়ছোৱালে ১২১টা বলত ১২টা চাৰি আৰু ২টা ছয়েৰে ১১৬ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে কোহলীয়ে ৪৫টা বলত ৬টা চাৰি আৰু ৩টা ছয়েৰে ৬৫ ৰান কৰি নট আউট হৈ থাকে। দক্ষিণ আফ্ৰিকাৰ হৈ একমাত্র উইকেটটো দখল কৰে কেশৱ মহাৰাজে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ কুইন্টন ডি ক’কৰ দৰ্শনীয় শতক আৰু অধিনায়ক টেম্বা বাভুমাৰ ৪৮ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই ৪৭.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৭০ ৰান সংগ্ৰহ কৰে। দলীয় স্ক’ৰ ১ ৰানতে অ’পেনাৰ ৰিয়ান ৰিকেলটনে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়। অৱশ্যে ডি ক’ক আৰু বাভুমাই দ্বিতীয় উইকেটত ১১৩ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে যদিও বাভুমা আউট হোৱাৰ পিছত বাকীসকল বেটাৰে ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। ডি ক’কে ৮৯টা বলত ৮টা চাৰি আৰু ৬টা ছয়েৰে ১০৬ ৰান কৰে। ইফালে মেথিউ ব্রিটজকেই ২৪, মাৰ্কৰামে ১, দেৱাল্ড ব্রেভিছে ২৯, জানছেনে ১৭ আৰু কেশৱে অপৰাজিতভাৱে ২০ ৰান কৰে। টীম ইণ্ডিয়াৰ হৈ প্রসিদ্ধ কৃষ্ণ আৰু কুলদীপ যাদৱ উভয়ে সর্বাধিক ৪টাকৈ উইকেট লাভ কৰাৰ লগতে অর্শদ্বীপ সিং আৰু ৰবীন্দ্র জাদেজাই এটাকৈ উইকেট লাভ কৰে। মেচখনত জয়ছোৱালে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ বিপৰীতে শৃংখলাটোত দুটা শতক আৰু এটা অর্ধশতকেৰে মুঠ ৩০২ ৰান কৰা বিৰাট কোহলিয়ে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।
