দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ ভাৰতীয় দল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- শুভমন গিলক অন্তর্ভুক্ত কৰি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে খেলিবলগীয়া পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। শৃংখলাটোত গিলক সহঃ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। অৱশ্যে শৃংখলাটোত গিলে খেলিবনে নেখেলে সেইটো নিৰ্ভৰ কৰিব চিকিৎসা দলৰ ক্লিয়াৰেন্সৰ ওপৰত। ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব লগা শৃংখলাটোত সূর্য কুমাৰ যাদৱকে অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ইপিনে, এছিয়া কাপৰ পিছত ভাৰতীয় দলটোলৈ প্ৰত্যাৱৰ্তন কৰিলে তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াই। এছিয়া কাপৰ ফাইনেলৰ পূৰ্বে আঘাতপ্রাপ্ত হোৱা হার্দিকে সুস্থ হৈ উঠাৰ পাছত চলিত চৈয়দ মুস্তাক আলী ট্রফীত মঙলবাৰে অংশগ্ৰহণ কৰি বিস্ফোৰক বেটিং দাঙি ধৰি নির্বাচকৰ দৃষ্টি আকর্ষণ কৰে। আনহাতে, ঘোষিত ১৫জনীয়া দলটোত স্থান লাভ নকৰিলে ৰিংকু সিং আৰু অসম সন্তান ৰিয়ান পৰাগে। ঘোষিত দলটোত স্থান লাভ কৰিছে সঞ্জু ছেমছনে। টি-২০ শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলটো: সূৰ্য কুমাৰ যাদৱ, শুভমন গিল, অভিষেক শর্মা, তিলক বার্মা, হার্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শর্মা, সঞ্জু ছেমছন, যশপ্রীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা আৰু ৱাশিংটন সুন্দৰ।

ইফালে, অহা বর্ষত ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া আইচিচি টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটোৰ জাৰ্ছীও উন্মোচন কৰা হয়। টি-২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি লাভ কৰা টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ ৰোহিত শৰ্মাই ভাৰতীয় দলটোৰ জাৰ্জী উন্মোচন কৰে। জাৰ্ছী উন্মোচন অনুষ্ঠানত ৰোহিত শৰ্মাৰ সৈতে উপস্থিত থাকে তিলক বাৰ্মা। আনহাতে, ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াও জার্জী উন্মোচন অনুষ্ঠানত উপস্থিত আছিল।
