দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া মেচৰ বাবে ভাৰতীয় দল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- বিচিচিআইয়ে ঘোষণা কৰিলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল। শুভমন গিলৰ অনুপস্থিতিত ভাৰতক নেতৃত্ব দিব লোকেশ ৰাহুলে। প্রায় দুবছৰৰ পিছত তেওঁক পুনৰ ভাৰতীয় দলৰ অধিনায়ক হিচাপে দেখা যাব। ২০২৩ চনত দক্ষিণ আফ্রিকা ভ্রমণত অন্তিমবাৰ ভাৰতক নেতৃত্ব দিছিল ৰাহুলে। আঘাতৰ বাবে শুভমনক যে পোৱা নাযাব সেই কথা পূর্বেই নিশ্চিত হৈছিল। অষ্ট্ৰেলিয়া ভ্ৰমণৰ এদিনীয়া শৃংখলাৰ সহঃ অধিনায়ক হিচাপে যোৱা শ্রেয়াস আয়াৰো বৰ্তমান খেলপথাৰৰ বাহিৰত। এনে পৰিস্থিতিত এদিনীয়া শৃংখলাৰ বাবে নতুন অধিনায়ক নির্বাচন কৰিবলগীয়া হয়। ফলত, অভিজ্ঞ ৰাহুলক দিয়া হয় ১৫জনীয়া দলৰ নেতৃত্বৰ দায়িত্ব। ঘোষিত ভাৰতীয় দলটো: ৰোহিত শর্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলি, তিলক বার্মা, লোকেশ ৰাহুল (অধিনায়ক), ঋষভ পন্ট, বাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষিত ৰাণা, ৰুতুৰাজ গায়কোৱাড, প্রসিদ্ধ কৃষ্ণ, অৰ্শদীপ সিং আৰু ধ্ৰুৱ জুৰেল। উল্লেখ্য যে শৃংখলাটোত অংশগ্ৰহণ কৰিব দুই অভিজ্ঞ তাৰকা বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই।
