দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এদিনীয়া শৃংখলাৰ অভিযান আৰম্ভ ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে । ৰাঁচীত অনুষ্ঠিত মেচখনত কোহলিৰ দৰ্শনীয় শতক আৰু ৰোহিত শৰ্মাৰ আগ্রাসী অর্ধশতকৰ সহায়ত ১৭ ৰানত বিজয়ী হয় ভাৰত। ইয়াৰ লগে লগে এদিনীয়া শৃংখলাত ১-০ৰ ব্যৱধানত অগ্রগতি লাভ কৰিলে ভাৰতীয় দলটোৱে। অৱশ্যে জয়লাভৰ বাবে ভাৰতে বান্ধি দিয়া ৩৫০ ৰানৰ কঠিন লক্ষ্য অতিক্ৰম কৰিবলৈ দক্ষিণ আফ্ৰিকাই শেষ মুহূৰ্তলৈকে যুঁজ দি মেচখন ৰোমাঞ্চকৰ কৰি তোলে। মেচখনত টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয় দক্ষিণ আফ্রিকাৰ অধিনায়ক এইডেন মাৰ্কৰামে। অ’পেনাৰ যশস্বী জয়ছোৱালে ১৮ ৰানতে বিদায় ল’লেও ৰোহিত শৰ্মাৰ সৈতে কোহলিয়ে ১৩৬ ৰানৰ যুটি বান্ধে। ৰোহিতে ৫৭ৰান কৰি বিদায় লোৱাৰ পিছত ৰুতু ৰাজ গাইকোৱাড আৰু ৱাশিংটন সুন্দৰেও বিশেষ ৰান কৰিবলৈ সক্ষম নহ’ল। কিন্তু কোহলীয়ে এদিনীয়াত নিজৰ ৫২ সংখ্যক শতক পূৰ্ণ কৰে। কোহলীয়ে ১২০টা গ’লত ১৩৫ ৰান কৰি বিদায় লয়। আনহাতে, দীর্ঘদিনৰ পিছত নেতৃত্বলৈ উভতি অহা কে এল ৰাহুলে ৬০ ৰানৰ এটা সুন্দৰ ইনিংছ উপহাৰ দিয়ে। ৰবীন্দ্ৰ জাডেজাই ২০টা বলত ৩২ ৰান কৰি দক্ষিণ আফ্রিকাৰ সন্মুখত ৩৫০ ৰানৰ বিজয়ী লক্ষ্য থিয় কৰায়। প্ৰত্যুত্তৰত আলহী দলটোৱে ১১ ৰানতে ৩টা উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয় যদিও মার্কো জানছেনে ৩৯টা বলত ৭০ ৰান কৰি দলটোৰ বিজয়ৰ আশা সজীৱ কৰি তোলে।কৰবীন বচে ৬৭ ৰান কৰি শেষ মুহূৰ্তলৈ যুঁজ দিয়ে। কিন্তু বচে শেষ ৰক্ষা কৰাৰ ব্যৰ্থ হয়। শেষ মুহূর্তত দক্ষিণ আফ্রিকাই ৪৯.২ অভাৰত ৩৩২ ৰান কৰি আটাইকেইটা উইকেট হেৰুৱায়।
