দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ৭৬ ৰানত পৰাস্ত ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱা– ছুপাৰ এইটৰ প্ৰথমখন মেচত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ৭৬ ৰানত পৰাস্ত ভাৰত । চলিত টি-২০ বিশ্বকাপত সূর্যবাহিনীৰ এইটো প্ৰথম পৰাজয়। দক্ষিণ আফ্রিকাই বান্ধি দিয়া ১৮৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিব আহি আৰম্ভণিৰে পৰাই বিপক্ষৰ বলাৰৰ সন্মুখত বেছি সময় তিস্তিব নোৱাৰিলে ভাৰতীয় দলটোৱে । বিগত তিনিখন মেচত শূন্যতে আউট হোৱা অ’পেনাৰ অভিষেক শৰ্মাই পুনৰ দৰ্শকক হতাশ কৰিলে। শিৱম ডুবে (৪২)ৰ বাদে ভাৰতীয় দলৰ কোনো এগৰাকী বেটাৰে ২০ৰ ডেওনা পাৰ কৰিব নোৱাৰিলে। গ্রুপ পৰ্যায়ত দুর্দান্ত প্ৰদৰ্শন কৰা দলটোৰ বেটাৰসকলে প্রটিয়াজ বাহিনীৰ সন্মুখত ছন্দ হেৰুৱায়। যাৰ ফলত ১৮.৫ অভাৰত ১১১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই স্তব্ধ হৈ পৰে ভাৰত। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত প্রথমে টছত জিকি দক্ষিণ আফ্রিকাই বেটিঙৰ সিদ্ধান্ত লয়। ইনিংছ আৰম্ভ কৰি প্ৰটিয়াজ বাহিনীৰ দুয়োগৰাকী অ’পেনাৰ আৰু টপ অৰ্ডাৰ বেটাৰে সোনকালেই পেভিলিয়নমুখী হ’লেও মিডিল অৰ্ডাৰ ডেৱাল্ড ব্রেভিছ, ডেভিদ মিলাৰ আৰু ট্রিষ্টান ষ্টাবৰ দর্শনীয় বেটিঙেৰে নিৰ্ধাৰিত ২০ অভাৰত দলটোৱে ৭ উইকেট হেৰুৱাই ১৮৭ ৰান সংগ্ৰহ কৰে। ব্রেভিছে ২৯টা বলত ৩টা ছয় আৰু ৩টা চাৰিৰে ৪৫ ৰান, মিলাৰে ৩৫টা বলত ৭টা চাৰি আৰু ৩টা ছয়েৰে ৬৩ ৰান আৰু ষ্টাবে ২৪টা বলত এটা চাৰি আৰু তিনিটা ছয়েৰে ৪৪ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ যশপ্রীত বুমৰাহে ৩টা উইকেট আৰু অর্শদীপ সিঙে ২টা উইকেট দখল কৰে। ডেভিদ মিলাৰক প্লেয়াৰ অৱ দ্য মেচ সন্মান প্রদান কৰা হয়।
