দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ৰায়পুৰত আজি দ্বিতীয়খন এদিনীয়া

Pc IANS LIVE

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ৰায়পুৰত আজি দ্বিতীয়খন এদিনীয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  আলহী দল দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত দ্বিতীয়খন মেচ আজি ৰায়পুৰত অনুষ্ঠিত হ’ব। ৰাঁচীত হৈ যোৱা প্ৰথমখন এদিনীয়া মেচত বিজয় সাব্যস্ত কৰি সম্প্রতি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে আজি দ্বিতীয়খন মেচত বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰাৰ লক্ষ্য লৈছে। বিৰাট কোহিল আৰু ৰোহিত শৰ্মাৰ প্রত্যাৱৰ্তনে দলটোৰ মনোবল বহুখিনি বৃদ্ধি কৰিছে আৰু আজি ৰায়পুৰত দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেচখনত জয়লাভৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে লোকেশ ৰাহুল নেতৃত্বাধীন ভাৰতীয় দলটো। আজিৰ মেচখনতো কোহলী আৰু ৰোহিত শৰ্মাৰ পৰা দীঘলীয়া ইনিংছৰ আশা ব্যক্ত কৰি ভাৰতীয় দলটোৰ অধিনায়ক লোকেশ ৰাহুলে কয় যে দ্বিতীয় এদিনীয়া মেচখনত দলটোৰ মূল একাদশত কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে। ৰুতুৰাজ গাইকোৱাডৰ স্থানত নীতিশ কুমাৰ ৰেঙীক অন্তর্ভুক্ত কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে। ইফালে, তিলক বার্মা আৰু ঋষভ পণ্টকো মূল একাদশলৈ ওভতাই অনাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে কয় যে তিলক আৰু ঋষভৰ মিডল অৰ্ডাৰত বেটিং কৰাৰ দক্ষতা আছে। ইপিনে, এই মেচখনত ৱাশ্বিংটন সুন্দৰো বাদ পৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি লোকেশ ৰাহুলে কয় যে প্রথমখন এদিনীয়াত সুন্দৰে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল। বেটিং আৰু বলিং উভয়তে তেওঁ ব্যর্থ হয়। গতিকে,  সুন্দৰৰ স্থানত তিলক বাৰ্মাক মূল একাদশত অন্তর্ভুক্ত কৰাৰ অধিক সম্ভাৱনা আছে। ইফালে, স্পিন বলিঙৰ দায়িত্বত ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱ থাকিব। আনহাতে, ৰাঁচীৰ এদিনীয়া মেচখনত অ’পেনাৰ যশস্বী জয়ছোৱালে ভাৰতীয় দলটোক সুন্দৰ আৰম্ভণি দিয়াত ব্যর্থ হয় যদিও কাইলৈ তেওঁক পুনৰ এবাৰ সুযোগ দিয়া হ’ব বুলি উল্লেখ কৰি ৰাহুলে কয় যে আশা কৰিছোঁ জয়ছোৱালে  দ্বিতীয় এদিনীয়া মেচখনত ৰোহিত শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰি ভাৰতীয় দলটোক প্রত্যয়জনক আৰম্ভণি দিব পাৰিব।  মেচখনতো ৰোহিত আৰু কোহলীৰ পৰা দীঘলীয়া ইনিংছৰ আশা কৰিছে অধিনায়ক ৰাহুলে। ৰোহিত আৰু কোহলীয়ে গুৰু দায়িত্ব পালন কৰি দলৰ জয়ত মুখ্য ভূমিকা ল’ব। ইফালে, দক্ষিণ আফ্রিকাই শৃংখলাটোত প্ৰত্যাৱৰ্তনৰ লক্ষ্য লৈছে। প্রথমখন মেচত পৰাজিত হ’লেও কাইলৈৰ দ্বিতীয়খন মেচত জয়লাভ কৰাৰ বাবে সকলোধৰণৰ চেষ্টা চলাব। ৰায়পুৰত টীম ইণ্ডিয়াই সাজু কৰা ৰণনীত গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছে বুলি দক্ষিণ আফ্ৰিকাৰ দলটোৰ অধিনায়ক টেম্বা বাভুমাই ব্যক্ত কৰে।