দক্ষতা সম্পন্ন ব্যক্তিসকলৰ পৰা কাম কৰোৱাৰ দক্ষতা – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Avanse Financial Services

দক্ষতা সম্পন্ন ব্যক্তিসকলৰ পৰা কাম কৰোৱাৰ দক্ষতা

  চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আচলতে ই সংসাৰখনত প্ৰতিজন ব্যক্তিয়ে খালি হাতৰে আহি জন্মগ্ৰহণ কৰে। আৰু এই সংসাৰখনতে জন্মৰে পৰা নিৰন্তৰভাবে কোনো এক বিষয়ৰ ওপৰত প্ৰচেষ্টা অব্যাহত ৰাখিলে এসময়ত গৈ আমি সেই বিষয়-বস্তুৰ ওপৰত দক্ষতা আহৰণ কৰিবলৈ সক্ষম হওঁ। অৰ্থাৎ সঁচা কবলৈ গলে আমি প্ৰতিজন ব্যক্তিৰ শৰীৰতে জন্মগতভাবে কিছুমান ভাল আৰু কিছুমান বেয়া গুণ অন্তৰ্নিহিত হৈ থাকে। কিন্তু নিজৰ মাজত অন্তৰ্নিহিত হোৱা বেয়া গুণ সমূহক পৰিহাৰ কৰি নিজৰ ভাল গুণসমূহ নিজে কেনেকৈ আবিৰ্ভাৱ কৰিব পাৰি তাৰে সদায় প্ৰত্যেকজন ব্যক্তিয়ে চেষ্টা অব্যাহত ৰাখা উচিত নহয়নে?আজিৰ সময়ত আপুনি যদি কোনো এক বিষয়ৰ ওপৰত বিশেষভাৱে দক্ষতা আহৰণ কৰিবলৈ সক্ষম নহয় তেন্তে আপোনাৰ জীৱনৰ মূল্য একেবাৰে হ্ৰাস হোৱা পৰিলক্ষিত হয়।  আপুনি এতিয়া কেবল স্কুলীয়া শিক্ষা আহৰণ কৰিয়েই সফলতা পাবলৈ সক্ষম হ’ব তেনেধৰণৰ কোনো কথা নাই। শিক্ষা আহৰণ কৰিব লাগিব উচিত জ্ঞান আহৰণ জৰিয়তে সৎ জীৱন-জাপনৰ কৰিবৰ বাবে। কিন্তু এতিয়া শিক্ষা ক্ষেত্ৰখনৰ বাহিৰেও বিভিন্ন ধৰণৰ নানান দিশসমূহ আছে যত আমি মনযোগেৰ কাম কৰি গৈ থাকিলে এসময়ত আমি সেই  দিশবোৰৰ জৰিয়তে বহু সফল ব্যক্তিত্বলৈ ৰূপান্তৰিত হ’ব পাৰোঁ। গতিকে নিজৰ মাজত অন্তৰ্নিহিত হোৱা দক্ষতা সমূহক আবিৰ্ভাৱ কৰি অতি সোনকালেই নিজৰ  উন্নতিৰ মাৰ্গ অবলম্ব কৰা উচিত।

এতিয়া কথা হ’ল আমাৰ সমাজতে বৰ্তমান সময়ত নানান বিষয়ৰ ওপৰত বিশেষভাৱে দক্ষতা আহৰণ কৰা ব্যক্তিসকল চৌদিশে ভৰি পৰিছে নহয়নে? কিন্তু আপোনাৰ নিজস্বভাবে দক্ষতা সম্পন্ন ব্যক্তিসকলৰ পৰা কাম কৰোৱাৰ দক্ষতা যদি আছে তেন্তে আপুনি বৰ্তমান সময়ৰ বহু সফল বা বহু সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব। উদাহৰণ স্বৰূপে স্কুল এটাৰ স্থাপন কৰি বহু শিক্ষক শিক্ষয়িত্ৰীক নিয়োজিত কৰি স্কুল এখন বাহিৰৰ পৰা সুন্দৰভাৱে পৰিচালনা কৰি স্কুল এখনৰ মালিকে অতি সহজেই ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। সেইদৰে চিকিৎসালয় এটা প্ৰতিষ্ঠা কৰি নানান উচ্চ মানৰ চিকিৎসক সকলক নিয়োজিত কৰি সেই চিকিৎসালয়ৰ মালিকে অতি সহজেই ধন সংগ্ৰহ কৰি সফলতা লাভ কৰিছে। সেইধৰণে বিভিন্ন উন্নত দেশসমূহে বিভিন্ন দেশৰ পৰা উচ্চ গুণসম্পন্ন ব্যক্তিসকলক নিজ নিজ দেশৰ অনুষ্ঠান-প্ৰতিষ্ঠান সমূহত নিমন্ত্ৰণ জনাই তেখেতসকলৰ জৰিয়তে নিজ স্বাৰ্থ পূৰণ কৰি সফলতা দিশলৈ আগুৱাই গৈছে। গতিকে নিজৰ কোনো এক বিষয়ৰ ওপৰত দক্ষতা আয়ত্ব কৰাটো বহুত ভাল কথা। কিন্তু দক্ষতা সম্পন্ন ব্যক্তিসকলৰ পৰা কাম কৰোৱাৰ দক্ষতা আয়ত্ব কৰাটো তাতোকৈ বহুত ডাঙৰ কথা।