থানেশ্বৰ মালাকাৰ চৌব্বিশ সংখ্যক গ্ৰন্থ “এৰি অহা খোজ” উন্মোচন

থানেশ্বৰ মালাকাৰ চৌব্বিশ সংখ্যক গ্ৰন্থ “এৰি অহা খোজ” উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- “সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ পৰা লাভ কৰা সান্নিধ্য আৰু সম্পৰ্কই প্ৰশাসনীয় বিষয়া সকলক বিৰল অভিজ্ঞতাৰ সোৱাদ দিয়ে ৷ সুদীৰ্ঘ কেইবা দশক ধৰি চৰকাৰৰ বিভিন্ন বিভাগত দক্ষতাৰে কৰ্ম সম্পাদন কৰি থানশ্বৰ মালাকাৰে ৰচনা কৰা “এৰি অহা খোজ ” কেৱল তেওঁৰ কৰ্মজীৱনৰে দলিল নহয় এচোৱা বিশেষ সময়ৰ এক শক্তিশালী সামাজিক দলিল ৷”অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত ১০ ডিচেম্বৰত অসমৰ এগৰাকী বিশিষ্ট লেখক, ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, থানেশ্বৰ মালাকাৰ চৌব্বিশ সংখ্যক গ্ৰন্থ “এৰি অহা খোজ” উন্মোচন কৰি এনেদৰে কয় বিশিষ্ট লেখক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° প্ৰদীপ্ত বৰগোহাঞিয়ে ৷গ্ৰন্থখন উন্মোচন কৰি তেওঁ পুনৰ কয় –“মানুহক ভাল পোৱাটো বৰ সহজ নহয়, ঈৰ্ষা বা হিংসা কৰিবলৈহে সহজ। ভাৰতীয় আত্মজীৱনীত সমূহীয়া অস্তিত্বৰ চানেকি বিদ্যমান বুলি কৈ তেওঁ মালাকাৰক এজন কৰ্মযোগী বুলি অভিহিত কৰে। সভাত সন্মানীয় অতিথি হিচাপে শিক্ষাবিদ ড° দয়ানন্দ পাঠকে মালাকাৰ শিক্ষকপ্ৰীতি অদ্বিতীয় বুলি উল্লেখ এই গ্ৰন্থখনত ঐতিহাসিকতাৰ( historicity ) ভালেখিনি উপাদান আছে বুলি মন্তব্য কৰে । সভাত বিশিষ্ট অতিথি অংশগ্ৰহণ কৰি চিন্তাবিদ ময়ূৰ বৰাই মালাকাৰক “মনৰ হাকিম” বুলি অভিহিত কৰি মালাকাৰে চাকৰি জীৱনত কাৰ্যনিৰ্বাহ কৰি অহা অসমৰ প্ৰতিটো অঞ্চলৰ মানুহৰ অৱসৰৰ পাছতো তেখেতৰ প্ৰতি থকা হেপাহ আৰু আত্মীয়তাৰ কথা বৰ্ণনা কৰি প্ৰকাশিত গ্ৰন্থখনি এক বিশেষ সময়ৰ ইতিহাস হৈ ৰ’ব বুলি মত প্ৰকাশ কৰে ৷ অধ্যাপিকা আৰু লেখিকা ড° নমিতা ডেকাই নিজৰ বক্তব্যত মালাকাৰৰ সাহিত্যকৰ্মৰ এক বিদ্যায়তনিক পৰ্যালোচনা আগবঢ়াই মালাকাৰৰ লেখাত থকা ইতিবাচক দৃষ্টিভংগীয়ে সকলোকে আকৰ্ষিত কৰে বুলি মন্তব্য কৰে ৷ অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকা সভাখনত উপস্থিত থাকি ভাষণ প্ৰদান কৰি মালাকাৰৰ ব্যক্তিত্ব আৰু সাহিত্য সন্দৰ্ভত গভীৰ বিশ্লেষণ আগবঢ়াই ৷ সভাৰ আৰম্ভণিতে লেখকৰ অনুভৱ ব্যক্ত কৰি থানেশ্বৰ মালাকাৰে হোমেন বৰগোহাঞি, ড° লক্ষ্মীনন্দন বৰা, ড° হীৰেণ গোহাঁই আদি লোকসকলৰ সান্নিধ্যৰ কথা সুৱৰি ওদালগুৰি, কোকৰাঝাৰ আৰু বৰপেটা জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়চোৱাক বাদ দি বাকী কৰ্মজীৱনৰ বিভিন্ন অভিজ্ঞতাৰ বৰ্ণনাৰে “এৰি অহা খোজ” ৰচনা কৰা হৈছে য’ত অসম আন্দোলনৰ বিভিন্ন অভিজ্ঞতাৰ বৰ্ণনাও আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰে ৷ বিজয় শঙ্কৰ শৰ্মাই আঁত ধৰা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, লেখক ৰবেন্দ্ৰ কুমাৰ দাস , কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধীৰেন শৰ্মা, ভাৰতীয় প্ৰয়ুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) গুৱাহাটীৰ গণিতশাস্ত্ৰৰ অধ্যাপক ড° স্বৰূপ নন্দন বৰা আৰু গ্ৰন্থখনিৰ বেটুপাত অংকণ কৰা শিল্পী চন্দন চুতীয়া ভাষণ প্ৰদান কৰি অনুভৱ ব্যক্ত কৰে ৷ ডা° গাৰ্গী মালাকাৰ আৰু সংস্কৃতা মালাকাৰে দুটি গীত পৰিৱেশন কৰি গাম্ভীৰ্যতা বৃদ্ধি কৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই গোবিন্দ মালাকাৰে ৷ উল্লেখযোগ্য যে প্ৰথিতযশা সাহিত্যিক স্বৰ্গীয় (ড°) লক্ষ্মীনন্দন বৰা আৰু তেখেতৰ সহধৰ্মিনী স্বৰ্গীয় মাধুৰী বৰাৰ সোঁৱৰণত উৎসৰ্গা কৰা গ্ৰন্থখনি এই সভাতেই তেখেতৰ সৰু পুত্ৰ ড° স্বৰূপ নন্দন বৰা আৰু ডাঙৰ বোৱাৰী ৰদালী বৰাৰ হাতত লেখকৰ হৈ আনুষ্ঠানিক ভাবে অৰ্পণ কৰে উন্মোচক ড° প্ৰদীপ্ত বৰগোহাঞিয়ে ৷