থাই প্রধানমন্ত্রী শ্বিনাৱাত্ৰাক নিলম্বন আদালতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- থাইলেণ্ডত পুনৰ ৰাজনৈতিক অস্থিৰতা। প্রধানমন্ত্রী পেটংটার্ন শ্বিনাৱাত্ৰাক তেওঁৰ দায়িত্বৰ পৰা সাংবিধানিক আদালতে নিলম্বিত কৰাৰ পিছত দেশজুৰি প্ৰতিবাদ, পদত্যাগ আৰু অস্থিৰতা বৃদ্ধি পাইছে। প্রাক্তন কম্বোডিয়ান নেতা হুন ছেনৰ সৈতে টেলিফোনিক বার্তালাপ ফাদিল হোৱাৰ তথ্যগত প্রমাণ সাংবিধানিক আদালতে লাভ কৰাৰ পিছত ৭-২ ভোটৰ ব্যৱধানত প্রধানমন্ত্রী পি শ্বিনাৱাত্রাক নিলম্বিত কৰে। পদবীৰ মৰ্যাদা হানি কৰাৰ বাবে চলিত বছৰতে আদালতে দুজনকৈ দায়িত্বত থকা প্রধানমন্ত্রীক নিলম্বিত কৰাক লৈ দেশখনত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি হৈছে। কম্বোডিয়ান সীমান্তৰ সৈতে উত্তেজনা বৃদ্ধি পাইছে। উল্লেখ্য যে থাই প্রধানমন্ত্রী শ্বিনাৱাত্রা আৰু কম্বোডিয়াৰ প্ৰাক্তন নেতা হুন ছেনৰ বাৰ্তালাপ ফাদিল হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠে।