থাইলেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ থাইলেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বেংককত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ সৈতে আলোচনাত মিলিত হ’ব।বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্সৰ এটা পোষ্টত লিখিছে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণলৈ ৰাওনা হয়।’ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে লগতে লিখিছে, ‘থাইলেণ্ডলৈ চৰকাৰী ভ্ৰমণত যোৱা প্ৰধানমন্ত্ৰীয়ে ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰিব। তাৰ পাছত তেওঁ শ্ৰীলংকা ভ্ৰমণলৈ যাব।’ থাইলেণ্ডত উপস্থিত হোৱাৰ পিছত থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী সূৰিয়া জংগ্ৰুংগ্ৰেংকিটে কেইবাজনো উচ্চপদস্থ বিষয়াৰ সৈতে বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনায়। উল্লেখযোগ্য যে, বিমষ্টেক দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ তেওঁ আগন্তুক তিনি দিনৰ বাবে থাইলেণ্ড আৰু শ্ৰীলংকাত থাকিব বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে বিমষ্টেক সন্মিলনত অংশগ্ৰহণকে ধৰি বিভিন্ন কাৰ্যসূচীৰ কথাও তেওঁ উল্লেখ কৰিছে। এই ভ্ৰমণকালতে তেওঁ থাইলেণ্ডৰ ৰজা মহা ভাজিৰালোংকৰ্ণকো লগ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আঞ্চলিক নেতাসকলৰ সৈতে যোগাযোগ কৰি বহু খণ্ডৰ কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে বে অৱ বেংগল ইনিচিয়েটিভ (বিমষ্টেক)ৰ ভিতৰত সহযোগিতাৰ মূল ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰিব। এই সন্মিলনে সদস্য দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বাবে এক মঞ্চ হিচাপে কাম কৰিব, আঞ্চলিক উন্নয়ন, সংযোগ আৰু অৰ্থনৈতিক অগ্ৰগতিৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।উল্লেখ কৰা প্ৰয়োজন যে, ৭খন দেশৰ আঞ্চলিক গোট বিমষ্টেকত দক্ষিণ এছিয়াৰ পাঁচখন ৰাষ্ট্ৰ ক্ৰমে- বাংলাদেশ, ভূটান, ভাৰত, নেপাল আৰু শ্ৰীলংকা আৰু দক্ষিণ-পূব এছিয়াৰ দুখন দেশ ম্যানমাৰ আৰু থাইলেণ্ড অন্তৰ্ভুক্ত কৰা হৈছে।