তৰুণ প্ৰজন্মৰ প্ৰতি এটি আহ্বান : তেওঁলোক নৈতিকতাবাদী হওঁক
নিবেদিতা হাজৰিকা,লখিমপুৰ
নৈতিকতা – এটি অতি গুৰুত্বৰ বিষয়। নৈতিকতা বা নৈতিক মূল্যবোধৰ অবিহনে এখন সুস্থ-সৱল সমাজ গঢ় লৈ উঠাটো সম্ভৱ নহয়।শিক্ষাৰ প্ৰতিটো স্তৰ তথা মানৱ জীৱনৰ প্ৰতিটো স্তৰতে এই শিক্ষাৰ প্ৰয়োজন আছে।নৈতিকতা আৰু তৰুণ প্ৰজন্মৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। বিশেষকৈ উঠি অহা প্ৰজন্মৰ বাবে এই শিক্ষাৰ বিশেষ প্ৰয়োজন।
কিয়নো, এই শিক্ষাই তেওঁলোকক এখন সুস্থ সমাজ গঢ়িবলৈ আৰু নিজৰ জীৱনত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পথ দেখুৱায়।নৈতিক শিক্ষাৰ ফলত ভাল-বেয়া বিচাৰ কৰিব পৰা ক্ষমতা লাভ কৰে ।এই শিক্ষাৰ আলমত এজন দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে , নিজকে এজন দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে।ব্যক্তিগত তথা পেছাদাৰী জীৱনৰ লগতে সামাজিক দায়বদ্ধতা অৰ্থাৎ সমাজৰ প্ৰতি তেওঁলোকৰ ভূমিকা কি হ’ব লাগে সেই বিষয়ে সচেতন কৰি তোলে। নৈতিক শিক্ষাৰ যোগেদি তৰুণ প্ৰজন্মই নিজৰ জীৱনত সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ শক্তি লাভ কৰে বা শিকে ।
বৰ্তমান সময়ত তৰুণ প্ৰজন্মৰ বিপক্ষে বহুবোৰ অভিযোগ শুনিবলৈ পোৱা যায়। নৱ প্ৰজন্মৰ বিষয়ে শুনিবলৈ পোৱা এনে অভিযোগ এক উদ্বেগৰ বিষয়।তৰুণ প্ৰজন্মৰ নৈতিক স্খলন সমাজৰ সকলো স্তৰতে প্ৰধান অন্তৰায় হিচাপে দেখা দিছে। বৌদ্ধিক মহলতো তৰুণ প্ৰজন্মৰ নৈতিকতাহীন কাৰ্য-কলাপে ভীতিগ্ৰস্ত কৰি তোলাৰ লগতে সমাজখনকো আতংকিত আৰু কলংকিত কৰি তুলিছে। এখন সুস্থ -সৱল সমাজ তথা দেশৰ বাবে এই ধৰনৰ কাৰ্যকলাপ কেতিয়াও গ্ৰহণযোগ্য নহয়, বৰঞ্চ ই যথেষ্ট ক্ষতিকৰ। সেয়ে তৰুণ প্ৰজন্ম যাতে নৈতিক শিক্ষাৰে শিক্ষিত হৈ , আবেগিক উন্মাদনা পৰিহাৰ কৰি , আবেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকে তথা শৃংখলাবদ্ধতা মানি চলি নিজৰ দায়িত্ব সমূহ পালনৰ প্ৰতি আগ্ৰহী হয়।কঠোৰ সংযমশীল হৈ যাতে জীৱনৰ বাটত সুকলমে আগবাঢ়ি যাব পাৰে সেই দিশ সমূহৰ প্ৰতি লক্ষ্য ৰখা উচিত। তৰুণ প্ৰজন্মৰ ওপৰত সমাজ তথা দেশ সকলোৱে আশাবাদী। সেয়ে তৰুণ প্ৰজন্মই সেই কথা অনুধাৱন কৰা উচিত আৰু সময় থাকোতেই নিজৰ দায়িত্ব তথা কৰ্তব্য মূৰ পাতি লৈ সমকালীন সমাজ -সভ্যতাৰ লগত খোজত খোজ মিলাই আগবাঢ়ি যাবলৈ প্ৰয়াস কৰা উচিত।
নৈতিক মূল্যবোধৰ অবিহনে এখন সুস্থ-সৱল সমাজ গঢ় লৈ উঠাটো সম্ভৱ নহয়।শিক্ষাৰ প্ৰতিটো স্তৰ তথা মানৱ জীৱনৰ প্ৰতিটো স্তৰতে এই শিক্ষাৰ প্ৰয়োজন আছে।পাঠক্ৰমৰ বিষয় হিচাপে ইয়াক অন্তৰ্ভূক্ত কৰাৰ বিশেষ প্ৰয়োজন আছে।উল্লেখ কৰা নিঃপ্ৰয়োজন যে নৈতিকতা আৰু তৰুণ প্ৰজন্মৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। বিশেষকৈ উঠি অহা প্ৰজন্মৰ বাবে এই শিক্ষাৰ বিশেষ প্ৰয়োজন।
কিয়নো, এই শিক্ষাই তেওঁলোকক এখন সুস্থ সমাজ গঢ়িবলৈ আৰু নিজৰ জীৱনত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পথ দেখুৱায়।নৈতিক শিক্ষাৰ ফলত ভাল-বেয়া বিচাৰ কৰিব পৰা ক্ষমতা লাভ কৰে ।এই শিক্ষাৰ আলমত এজন দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে , নিজকে এজন দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে।ব্যক্তিগত তথা পেছাদাৰী জীৱনৰ লগতে সামাজিক দায়বদ্ধতা অৰ্থাৎ সমাজৰ প্ৰতি তেওঁলোকৰ ভূমিকা কি হ’ব লাগে সেই বিষয়ে সচেতন কৰি তোলে। নৈতিক শিক্ষাৰ যোগেদি তৰুণ প্ৰজন্মই নিজৰ জীৱনত সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ শক্তি লাভ কৰে বা শিকে ।
বৰ্তমান সময়ত তৰুণ প্ৰজন্মৰ বিপক্ষে বহুবোৰ অভিযোগ শুনিবলৈ পোৱা যায়। নৱ প্ৰজন্মৰ বিষয়ে শুনিবলৈ পোৱা এনে অভিযোগ এক উদ্বেগৰ বিষয়।তৰুণ প্ৰজন্মৰ নৈতিক স্খলন সমাজৰ সকলো স্তৰতে প্ৰধান অন্তৰায় হিচাপে দেখা দিছে। বৌদ্ধিক মহলতো তৰুণ প্ৰজন্মৰ নৈতিকতাহীন কাৰ্য-কলাপে ভীতিগ্ৰস্ত কৰি তোলাৰ লগতে সমাজখনকো আতংকিত আৰু কলংকিত কৰি তুলিছে। এখন সুস্থ -সৱল সমাজ তথা দেশৰ বাবে এই ধৰনৰ কাৰ্যকলাপ কেতিয়াও গ্ৰহণযোগ্য নহয়, বৰঞ্চ ই যথেষ্ট ক্ষতিকৰ। সুশিক্ষা, ধৰ্মীয় শিক্ষাৰ অভাৱ ,পশ্চিমীয়া সংস্কৃতিৰ কুপ্ৰভাৱ, অভিভাৱকত্ব হীনতা ,সামাজিক অসচেতনতা ,প্ৰযুক্তিৰ অপব্যৱহাৰ ,অসৎ সংগ ,বক্ৰ তথা সহজতে ধনী হোৱাৰ মানসিকতাই যুৱ প্ৰজন্মক পৰিচালিত কৰিছে। যিয়ে সমাজত অৰাজকতা,অস্থিৰতাৰ সৃষ্টি কৰিছে তথা সামাজিক পৰিৱেশ বিনষ্ট কৰিছে।ভোগবাদী সংস্কৃতি , সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰ,পৰম্পৰাগত সামাজিক বান্ধোন আদি খহি পৰাৰ বাবে নতুন প্ৰজন্মই চৰিত্ৰ, সততা তথা মানৱীয়তাৰ প্ৰতি উদাসীনতা মনোভাৱ প্ৰদৰ্শন কৰিছে।আত্ম অনুশাসনৰ দৰে সজ গুণ সমূহ বিকশিত কৰা এই ধৰণৰ সজ গুণ সমূহ আয়ত্ব কৰিবলৈ নিশিকা বা আয়ত্ব নকৰাটো উঠি অহা প্ৰজন্মৰ বাবে বিশেষ হানিকাৰক।
নৈতিকতা বা নৈতিক মূল্যবোধৰ অবিহনে এখন সুস্থ-সবল সমাজ গঢ় লৈ উঠাটো সম্ভৱ নহয়।সেয়ে তৰুণ প্ৰজন্ম যাতে নৈতিক শিক্ষাৰে শিক্ষিত হৈ , আবেগিক উন্মাদনা পৰিহাৰ কৰি , আবেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকে তথা শৃংখলাবদ্ধতা মানি চলি নিজৰ দায়িত্ব সমূহ পালনৰ প্ৰতি আগ্ৰহী হয়।কঠোৰ সংযমশীল হৈ যাতে জীৱনৰ বাটত সুকলমে আগবাঢ়ি যাব পাৰে সেই দিশ সমূহৰ প্ৰতি লক্ষ্য ৰখা উচিত। তৰুণ প্ৰজন্মৰ ওপৰত সমাজ তথা দেশ সকলোৱে আশাবাদী। সেয়ে তৰুণ প্ৰজন্মই সেই কথা অনুধাৱন কৰা উচিত আৰু সময় থাকোতেই নিজৰ দায়িত্ব তথা কৰ্তব্য মূৰ পাতি লৈ সমকালীন সমাজ -সভ্যতাৰ লগত খোজত খোজ মিলাই আগবাঢ়ি যাবলৈ প্ৰয়াস কৰা উচিত। তৰুণ প্ৰজন্মক নৈতিকতাবাদী কৰি গঢ়ি তুলিবলৈ হ’লে ঘৰৰ পৰাই এই শিক্ষা আৰম্ভ হ’ব লাগিব।প্ৰাথমিক পৰ্যায়ৰ পৰাই নৈতিকতা আৰু ধৰ্মীয় শিক্ষা বাধ্যতামূলক কৰাৰ লগতে তেওঁলোকক সঠিক পথত পৰিচালিত কৰাৰ বাবে সমাজ তথা পৰিয়াল একত্ৰ আৰু সচেতন হৈ গ্ৰহণ কৰা পদক্ষেপ সমূহে গুৰুত্বৰ ভূমিকা পালন কৰিব।আজিৰ প্ৰজন্মই ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰিব, সেয়েহে তেওঁলোকক সঠিক পথত পৰিচালনা কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য।
