“তৰাং সুখ”- প্ৰসেনজিৎ গোস্বামী

pc Living The Canadian Dream

তৰাং সুখ

প্ৰসেনজিৎ গোস্বামী

দুখবোৰ গভীৰ দ,

তল পাবলৈ নাই

 আৰু সুখবোৰ, সুখবোৰ তৰাং

তই বহুত আশাৰে সপোনৰ ঘৰখন

সাজিছিলি নৈৰ পাৰত

এতিয়া,

এতিয়া খহনীয়া আশাবোৰ

 আৰু বানত মেটেকা উটি যোৱা দি

উটি যায় সপোন।