ত্ৰিপুৰাত দ্ৰুতগতিত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ

Pc the Quint

ত্ৰিপুৰাত দ্ৰুতগতিত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা-    ত্ৰিপুৰাতো শেহতীয়াকৈ ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।যাৰ বাবে পুনৰ কঠোৰ হৈছে ত্ৰিপুৰা চৰকাৰ।ত্ৰিপুৰা চৰকাৰে ৰাজ্যজুৰি ক’ভিড-১৯ গোচৰৰ বিস্তাৰ নিয়ন্ত্ৰণ ৰখাৰ বাবে নতুন নিষেধাজ্ঞা জাৰি কৰাৰ সিদ্ধান্ত লৈছে।ত্ৰিপুৰাত চৰকাৰে মাস্ক পৰিধান কৰাটো পুনৰ বাধ্যতামূলক কৰিছে।বিদ্যালয়ৰ পৰা বজাৰৰ স্থানলৈকে সকলো স্তৰত ফেচ মাস্ক পিন্ধা টো বাধ্যতামূলক কৰা হৈছে।সংবাদমেলযোগে এই কথা ৰাজহ বিভাগৰ অতিৰিক্ত সচিব প্ৰদীপ আচাৰ্যই ঘোষণা কৰে।ত্ৰিপুৰাৰ পশ্চিম জিলাত ক’ভিড ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু আগৰতলা পৌৰ নিগম অঞ্চলত বেছিভাগ আক্ৰান্ত ৰোগী ধৰা পৰিছে।সংবাদমাধ্যমৰ সন্মুখত ৰাজহ বিভাগৰ অতিৰিক্ত সচিব প্ৰদীপ আচাৰ্যই উল্লেখ কৰা মতে ৰাজ্যখনত ক’ভিড আক্ৰান্ত হোৱা ৩৭ গৰাকী ৰোগী এতিয়াও সন্ধানহীন হৈ আছে।