ত্যাগৰ প্ৰতীক স্বৰূপ ঈদ উল্ আযহা
আয়শা ছিদ্দিকা (আছৰি),বাংলিপাৰা,বৰপেটা
ঈদ উল আযহা, যাক সকলোয়ে কুৰবানি ঈদ বা বকৰী ঈদ বুলি কয়। ঈদ উল আযহা হৈছে ইসলামী ক্যালেণ্ডাৰ মতে জিলহজ মাহৰ ১০ তাৰিখত উদযাপিত এক পবিত্ৰ উৎসৱ। এই দিনটো মূলত হজৰ আনুষ্ঠানিকতাৰ সৈতে সম্পৰ্কিত। কিন্তু ইয়াৰ গভীৰ অৰ্থ আৰু তাৎপর্যই সংস্কৃতি আৰু ধৰ্মীয় জীৱনত এক বিশেষ স্থান দখল কৰি আহিছে। ঈদ উল আযহাৰ মূল সাৰমৰ্ম হৈছে ‘ত্যাগ’ ।
— নিজৰ প্ৰিয় বস্তু আল্লাহৰ সন্তুষ্টিৰ বাবে উৎসৰ্গ কৰা।
ঈদ উল আযহাৰ উৎসৱৰ মূল কাহিনী হ’ল হজৰত ইব্ৰাহীম (আ.) আৰু তেওঁৰ পুত্ৰ হজৰত ইসমাইলৰ (আ.) ত্যাগৰ কাহিনী। কুৰআনৰ মতে, আল্লাহৰ আদেশত হজৰত ইব্ৰাহীম (আ.) এ তেওঁৰ প্ৰিয় পুত্ৰ ইসমাইল(আ.)ক কুৰবানি দিবলৈ সাজু হৈছিল। কিন্তু আল্লাহৰ অনুগ্রহত, ইসমাইলৰ সলনি এক দুম্বা কুৰবানি হিচাপে পৰিণত হয়। এই ঘটনাই ত্যাগ আৰু আনুগত্যৰ এক অনুপম দৃষ্টান্ত স্থাপন কৰে। ঈদ উল আযহা উদযাপন কৰি মুমিন মুছলমান সকলে এই মহান ত্যাগৰ স্মৃতি চিৰস্থায়ী কৰে।
ইসলামত কুৰবানি হৈছে এক ইবাদত, যাৰ মাধ্যমে বান্দা আল্লাহৰ সন্তুষ্টি লাভৰ চেষ্টা কৰে। কুৰআনত উল্লেখ আছে, “তেওঁৰ (পশুৰ) গোশত আৰু ৰক্ত কোনো এটাও আল্লাহলৈ নাযায়, মাত্ৰ আপোনাৰ তাক্বৱা (ভক্তি)য়ে পোঁছায়” (সূৰা হজ, ২২:৩৭)। এই আয়াতটোৱে স্পষ্ট কৰে যে কুৰবানি মূলত আল্লাহৰ প্রতি আনুগত্য আৰু ভক্তিৰ প্ৰতীক।
কুৰবানি হৈছে ঈদুল আযহাৰ মুখ্য দিশ। ই কেৱলমাত্র এক ধৰ্মীয় কৰ্ম নহয় বৰং এটি সামাজিক দায়িত্ব। কুৰবানি কৰা পশুৰ মাংসৰ এক অংশ দুখীয়া- মিচকিন লোকৰ মাজত বিতৰণ কৰা হয় যাতে সেয়া তেওঁলোকৰ বাবে আহাৰ আৰু আনন্দৰ উৎস হয়। এই দানে সমাজত সহানুভূতি আৰু ভাতৃত্ববোধৰ সৃজন হয়।
ঈদ উল আযহা পালনে সমাজত একতা, সহানুভূতি আৰু দায়িত্ববোধৰ বোধ সৃষ্টিত সহায় কৰে। কুৰবানি আৰু তাৰ মাংসৰ বিতৰণৰ মাধ্যমে সমাজৰ প্ৰতিজন সদস্যৰ মাজত সমানাধিকাৰ আৰু সহানুভূতিৰ অনুভৱ সৃষ্টি হয়। লগতে এই দিনটোত পৰিষ্কাৰতা আৰু পৰিবেশৰ সুৰক্ষাৰ দিশতো গুৰুত্ব আৰোপ কৰা হয়।
বৰ্তমান যুগত য’ত ভোগবাদিতা আৰু আত্মকেন্দ্ৰিকতা বৃদ্ধি পাইছে, ঈদ উল আযহাৰ ত্যাগৰ শিক্ষা বিশেষ গুৰুত্বপূর্ণ। ই ব্যক্তি আৰু সমাজক নিজৰ মূল্যবোধৰ প্ৰতি সজাগ কৰে। লগতে এই দিনটোত পৰিষ্কাৰতা আৰু পৰিবেশৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ঈদ উল আযহা মাত্ৰ এক ধৰ্মীয় উৎসৱ নহয়, ই এক সামাজিক, নৈতিক আৰু আধ্যাত্মিক অভিজ্ঞতা। যাৰ সহায়ত আমি কিংবা সমাজে ত্যাগৰ মহিমা, সহানুভূতি আৰু ভাতৃত্ববোধৰ শিক্ষা লাভ কৰোঁ। এই দিনটোত আমি আমাৰ জীৱনত ত্যাগৰ মূল্য বুজি এক সুস্থ আৰু সমৃদ্ধ সমাজ গঠনৰ বাবে প্ৰতিজ্ঞাবদ্ধ হওঁ।