তোমাৰ মৰম
সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
তোমাৰ মৰমৰ
আবিৰ সানি
চিঙি আনিম
ৰঙা গোলাপ,
দিম প্ৰেমৰ প্ৰস্তাৱ।
বৰষা হৈ নামি
আহা মোৰ বুকুলৈ,
ৰ’দত শুকাই
গ’লেও বাষ্পীভূত
কণিকাৰে আকৌ
বৰষুণৰ টোপাল হোৱা।
বিয়পাই দিয়া
ভালপোৱাৰ বৃষ্টি,
মই কৰি যাম
কবিতাৰ সৃষ্টি।
