তোমাৰ মিঠা আগমনে – শুৱলা দাস

pc Piqsels

তোমাৰ মিঠা আগমনে

শুৱলা দাস
যোৰহাট

এই যে তোমাৰ মিঠা আগমন!
ফাগুনৰ কোমল বৰষুণ!

কোনোৱে চুব নোৱাৰা
কোনোৱে নদেখা
বুকুৰ অটল সুৰংগত
কেৱল তুমি
কেৱল তুমি
হৃদয়ৰ অটল গভীৰতাত
অসীমলৈ থকা টানৰ
সাগৰত যেন অমৃত মন্থন!
তুমি আহিলে,
কেৱল তুমি আহিলেহে
খোল খাই সুপ্ত প্ৰাণৰ
জীৱন্ত ৰুদ্ধ  দ্বাৰ
যাৰ ভিতৰ ফালে থাকে
এখনি সৰুবৰ
শান্ত,নিৰৱ,ধীৰ স্থিৰ অথচ
প্ৰেমত আতুৰ,   অপেক্ষাৰত
এখন সুখৰ ফুলনি
য’ত নিৰবতাই সুমধুৰ গীতেৰে
জীপাল কৰি ৰাখে চৌপাখৰ উদ্যান।
ৰৌদময় বতৰ,
গভীৰ কোলাহল,
জীৱনৰ লাহ বিলাহ,
জীাৱন যুঁজৰ বিৰাম হীন দৌৰাদৌৰি
এই মায়াৰ পৃথিৱীৰ
প্ৰতিজন নাগৰিক বাবেই
বন্ধ এই দুৱাৰ!
আনহে নালাগে অনুভৰো বাহিৰ
এই সুন্দৰ জগত
তোমাৰ অবিহনে।

কেৱল তুমি আহিলেহে
কেৱল তুমি
খোল খাই বুকুৰ দুৱাৰ!
অটল গভীৰতাত
তোমাৰ সুৰে
আলোড়ন তুলে
জীৱনে সাৰ পায় ।
বুকুৰ ভিতৰৰ অযুত নিৰবতাত
অসীম আৰু সসীম একাত্ম হয়
আস:
জীৱন ইমান সুন্দৰনে?
জীৱন যদি অনবৰতে ইমান সুন্দৰ হ’ল হেতেন!
যদি দীৰ্ঘকালীন হৈ থাকিল হেতেন য এই সময়!
তোমাৰ সুৰৰ এই মূৰ্ছনাত
জীৱনে বিচাৰি পায়
অনাবিল সুখানুভূতি!
সুৰৰ মূৰ্ছনাৰে অনুভৱবোৰ আগুৱাই গৈ বিলীন হয় সেই সত্তাত
য’লৈকে কোনো পথেৰে
কোনো পৰিবহণেৰে যাব নোৱাৰি।
তোমাৰ আগমনত জীৱণে
যি শান্তি পায়
কোনো আহিলে পাব নোৱাৰি

তুমি আচলতে হয়ে বা কি
এই জগত খনৰ বাবে?
তুমি অদ্বিতীয়
তুমি অদ্বিতীয়
তুমি প্ৰাণ সঞ্চাৰোতা
তুমি সুন্দৰ,
তুমি খালি বৰ ক্ষন্তেকীয়া !
তুমি  প্ৰাণৰ আকুলতা
কেৱল তোমাৰে স’তে
জীৱনৰ নিৰব বুজাবুজি
যাৰ আগত জীৱনটো দেখুওৱাব পাৰি  জাৰিজোকাৰি ।

তুমি  কোমল বৰষুণ
সোকাণ চিৰাল ফটা চোতালত
তুমি বৈ যোৱা এটা সোঁত।
তোমাৰ আগমনে
সৃষ্টি কৰে এক অন্তহীন আশা
লাগিলে শেষ হওক জীৱন
শেষ নহওক যেন
এই সুখময় সময় !
তুমি যেন সদায়ে আহা
তুমি যেন সদায়ে থাকা
ৰুদ্ধ দোৱাৰৰ সিপাৰে থকা
সৰুবৰৰ লগৰী হয়
সৰুবৰৰ লগৰী হয়।