তোমাৰ বাবে মই এজন দুৰ্দান্ত প্ৰেমিক
ৰাতুল দাস,নগাঁও
তোমাৰ সোণাৰুবুলীয়া মিচিকিয়া হাঁহিত
মনৰ আকাশত যৌৱনৰ জোনাক ফুলিছে।
লাহে লাহে প্ৰেমাসক্ত হৃদয়ৰত
এমুঠি প্ৰেমৰ অনুৰাগ জাগিছে,
প্ৰাপ্তিৰ এজাক চিপচিপীয়া বৰষুণে
বুকুত এক মিঠা শিহৰণ তুলিছে।।
ৰঙা চাদৰৰ আঁচল উৰুৱাই
তুমি আহিলা প্ৰেমিক চৰাই হৈ,
কৃষ্ণচূড়াৰ দেশত প্ৰেমৰ কবিতা লিখিবলৈ।
তোমাৰ আগমণত মুঠি মুঠি আশাই
বুকুৰ চ’নপৰা মাটিডৰাত
এজাক সেউজীয়া সপোনহৈ পোখা মেলিছে।
এজাৰবুলীয়া তোমাৰ মৰমবোৰে
মোৰ উমাল বুকুত কৃষ্ণচূড়াৰ ৰঙচুৱা আবিৰে
ভালপোৱাৰ সুবাস ছটিয়াইছে।।
মই আকৌ এবাৰ তোমাৰ প্ৰেমত পৰিছো,
মোৰ কবিতাত আকৌ এবাৰ
তোমাক হেঁপাহেৰে ৰোপন কৰিছো।
ভাল পাওঁ মই
তোমাৰ হালধীয়া মৰমৰ প্ৰলেপ লগোৱা ওঁঠৰ হাঁহি।
হৃদয়ত প্ৰেমৰ জোৱাৰ তোলা ৰঙচুৱা পাহি
আৰু দুচকুত ভালপোৱাৰ পৰশ বিলোৱা
তোমাৰ সেই আলফুলীয়া বেঙুনীয়া হাঁহি।।
তোমাৰ যৌৱন ভুলোৱা সৌন্দৰ্য্য
উপভোগ কৰিবলৈ মই ৰৈ থাকো ,
অধীৰ আগ্ৰহেৰে তুমি অহাৰ বাটত।
তোমাৰ মায়াসনা ৰূপত বিমুগ্ধ হৈ
বাৰে বাৰে মই তোমাৰ প্ৰেমত পৰোঁ
তোমাৰ বাবে মই এজন দুৰ্দান্ত প্ৰেমিক।
তোমাক গোপনে ক’ব লগা বহুত কথা আছে
সাঁচি ৰাখিছোঁ সযতনে বুকুত মোৰ।
কিন্তু এতিয়া নকওঁ!!
কাৰণ,তুমিটো বিদায় লৈ গুচি যাবাগৈ
আকৌ যেতিয়া আহিবা প্ৰেমিক চৰাই হৈ,
সুতে মূলে একেবাৰে কম
মোৰ ভাল লগা গোপন কথাবোৰ।।