তোমাৰ পৰা মোৰ দূৰত্ব
আয়নাল হক , ধুবুৰী
ইমান বেছিও নহয়
তোমাৰ পৰা মোৰ দূৰত্ব
তথাপিও যেন বহু আঁতৰত !
ঢুকি পাব পাৰিলেও হাঁকুটিয়াব নোৱাৰি –!
কথা পাতিব পাৰি
হাঁহিব পাৰি
কিন্তু খুলি চাব নোৱাৰি
তোমাৰ সাঁচতীয়া দায়বদ্ধতাৰ টোপোলা।
আচলতে, তুমি য’ত ঠিয় হৈ আছা
মই কাষ চাপিব নোৱাৰোঁ।
মই য’ত আছোঁ ঠিয় হৈ
সেই স্থানো সলনি কৰিব নোৱাৰোঁ।
অথচ—-
কাঁচিয়লি ৰ’দত
কাষত বিচাৰোঁ একেলগে উমাবলৈ
জোনাকবোৰ দুহাতেৰে খামুচি
সিঁচি দিব খোজোঁ ইজনে সিজনলৈ
গভীৰ ৰাতি চন্দ্ৰ তৰাক সাক্ষী কৰি
আমি গুচি যাব বিচাৰোঁ
অনুভৱৰ অন্য এক পৃথিৱীলৈ।
লক্ষ্মণ ৰেখা অতিক্ৰম কৰিলেই
যদি আহিব পাৰে বিপদ
তেনে আমিও এনেদৰে কৰিম
সুখী হোৱাৰ আখৰা—!
এটা হেঁপাহ হৈয়ে থাকক
সেই সামান্য দূৰত্ব অতিক্ৰম কৰাৰ–
চিৰকালৰ–অনন্ত স্পৃহাৰ…।