তোমাৰ প্ৰেমত মত্তহৈ
এছ ইছলাম, বৰপেটা
আহিলো গুৱাহাটী জ্যোতি চিত্ৰবনলৈ
“নদী আৰু নাৰী” গোটৰ আমন্ত্রণত
দেখিলোঁ তোমাক অপূর্ব ৰূপত
তুমি স্বৰ্গৰ উৰ্ব্বশী নে অপেশ্বৰী?
তোমাৰ ৰূপত হ’লো যাযাবৰ
হৰণ কৰিলা চকুৰ টোপনি মোৰ
কি মন্ত্র কৰিলা তুমি?
তোমাৰ ৰূপৰ মাদকতাত মুগ্ধ হৈ
সাতুৰি নাদুৰি পৰিলোঁ ভাগৰি
তোমাৰ প্ৰেম যমুনাত।
তুমি সুন্দৰী ৰাধা পটেশ্বৰী
তোমাৰ প্ৰেমত বজাও মধুৰ মুৰুলী
আহিবানে মোৰ হৃদয় কুঠৰিলৈ?
তোমাৰ প্ৰেমত মত্তহৈ
শেষ নিঃশ্বাস ত্যাগ কৰিব খোজোঁ
তোমাৰ বুকুত মূৰ থৈ।