তোমাৰ প্ৰেমত পৰিছিলোঁ অলকানন্দা️
ৰাজীৱ বৰঠাকুৰ(বিজু)
গুৱাহাটী
তোমাৰ প্ৰেমত পৰিছিলোঁ অ’
অলকানন্দা
সোণাৰুৰ হালধীয়াত ৰচিছিলোঁ সপোন
মেঘালী মেঘালী গোলাপী নিচাত
মাতাল আছিলোঁ অ’
অলকানন্দা
তোমাৰ সেউজীয়া দুচকুত
দেখিছিলোঁ ওপচা নদীৰ
গভীৰতা
তোমাৰ মৌন ওঁঠত
দেখিছিলোঁ
উদিত সূৰুযৰ হেঙুলী আভা
তোমাৰ প্ৰেমত পৰিছিলোঁ অ’
অলকানন্দা।।