তোমাৰ প্ৰতি মোৰ মনোতৰঙ্গ
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
পশ্চিমীয়া আকাশৰ ৰঙচুৱা সূৰুযৰ
অন্তিম জ্যোতিৰেখাত,
পোহৰৰ নিশ্বাস শেষ হোৱাৰ পূৰ্বক্ষণত,
এজনমীয়া নীৰৱ মায়াজাল বিৰাজমান—
য’ত তোমাৰ স্মৃতিৰ সুগন্ধি
শিশিৰত ভিজা কোমল সমীৰণৰ দৰে
মোৰ অন্তৰ–আত্মাত মৃদু ঢৌ তোলে।
তোমাৰ নাম মনত উজ্বলিলেহে,
সকলো ক্লান্তি উৰি যায়
আকাশৰ ধূলিৰ দৰে ,
নিশান্দিনীৰ ফুলৰ সুবাসত,
তুমি যেন সেই সূৰ্যাস্তৰ আভা—
অল্পক্ষণৰ, তৎসত্ত্বেও অম্লান, দীপ্ত,
যি সন্ধ্যা আৰু আন্ধাৰৰ সীমান্তত,
মোৰ মনত প্রদীপ হৈ জ্বলি থাকে।