তোমাৰ উশাহত মোৰ কবিতা
ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ,নগাঁও
তোমাক দেখা পালে মোৰ ভালপোৱাৰ চহৰত
এজাক অভিমানী বৰষুণ নামে।
তুমি অভিমান কৰিলে, মোৰ দুহাতত
গজি উঠে ভালপোৱাৰ অব্যক্ত কবিতা।
তোমাৰ মেঘালী চুলিকোছাৰ উশাহত
প্ৰায়েই ধাৰসাৰ হৈ যাওঁ,
তোমাৰ সুবাসত উটি যায় মন,
তোমাৰ চকুত মোৰ সপোনৰ বৰ্ণালী ফুটি উঠে।
তুমি মোৰ প্ৰেমৰ সাম্ৰাজ্যৰ ৰাণী,
তোমাৰ হাঁহিত গঢ়ি উঠিছে জীৱনৰ সংগীত।
উশাহবোৰ সাঁচি ৰাখিবা হৃদয়ত,
যাতে দুয়ো মিলি গাব পাৰো সুখৰ গীত।