তোমাৰ আগমন – নুৰজাহান খাতুন

তোমাৰ আগমন

নুৰজাহান খাতুন

হিয়াৰ গভীৰ প্ৰেমৰ সুবাস তুমি
কোমল হৃদয়ৰ ব্যকুলতা তুমি
পোৱাৰ পোহৰৰ জিলিকণি তুমি
মাজনিশা মোৰ সপোনৰ সাৰথি তুমি।
মামৰে ধৰা হৃদয়ত
তোমাৰ অসীম প্ৰেমৰ বীজ সিঁচিলা
জিপাল কৰি তাত
নানাৰঙী ফুলেৰে বাগিচা সজালা,
এতিয়া সকলোতে বিয়পিছে
মাথোঁ তোমাৰ প্ৰেমৰ সুগন্ধি।
তোমাৰ আগমনে
মোৰ শুকান মৰুক জীয়াই তুলিলে
উৰ্বৰা মনত বসন্তৰ আগমন ঘটালে,
নিচুপ নিশাত তোমাৰ নিনাদৰ গান
সেই ৰাগত মোহিত হৈ মই
নুপুৰৰ ছন্দ বজাও তাৰ তালে তালে।
আহিবা তুমি এবেলি দুপৰত
বিচৰণ কৰিম আমি সেউজী়ৰ আঁৰে আঁৰে
নদী কাষৰত বালিঘৰ সাঁজি
বিলীন হ’ম দুয়ো কহুৱাৰ ভাঁজে ভাঁজে।।