তোমাৰ আগমনত – সুনম বিশ্বাস

PC - Freepik
তোমাৰ আগমনত
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
তোমাৰ আগমনত
শুষ্ক বিৰিখে
কুঁহিপাত মেলে
তোমাৰ ঔৰসত
নদী নৈ পুখুৰী অন্তঃসত্বা হয়
পলাশ মদাৰ শিমলুয়ে
ৰঙচুৱা হাঁহি মাৰে ।
আকাশেও প্ৰেমৰ ৰং সিঁচি দিয়ে
জেতুকা পাতৰ সেউজীয়া বৰণে
গাভৰুৰ হাতত ভালপোৱাৰ
গাঢ়তা বুজাই দিয়ে।
পাতৰ আঁৰত বসন্তৰ উৰুলিয়ে
চেনাইলৈ মনত পৰে।
বৰণে নহয় যেন গুণে
উতলা কৰে মন।
নাচি উঠে চৌপাশ
তোমাৰ আগমনত ।
বৃদ্ধাও যৌৱনলৈ উৰা মাৰে
অতীতৰ মধুৰ স্মৃতিৰ ৰহঘৰালৈ।
তুমি পিছে দুমাহৰ আলহী
চেতনা জগাই অন্তৰ্ধান হোৱা
যেনেকৈ শামুকবোৰে হয় ।