তোমালৈ কিছু প্ৰশ্ন – সুনম বিশ্বাস

PC - Freepik

তোমালৈ কিছু প্ৰশ্ন…

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ 

প্রতিটো উশাহতে অক্সিজেন হৈ
জীৱনলৈ অহা মানুহজন,
তোমাক সুধিছোঁ… অ তোমাকেই …
থাকিবা নে মোৰ অগ্নিপৰীক্ষাৰ দিনা
খোজত খোজ মিলাই
উত্তপ্ত জুইৰ ওপৰেৰে খোজ কাঢ়িবলৈ
মুঠি মাৰি হাতখনকে ধৰি?
অ তোমাকেই সুধিছোঁ, পাৰিবানে তুমি
সমাজে বদনামৰ ফোঁটটো কপালত লগাই দিলে
তোমাৰ নির্মল অশ্রুপাতৰ নিজৰাটো বোৱাই দিবলৈ ?
মোলৈ ছটিওৱা মিথ্যাচাৰৰ বোকাক
 ধুই-পখালি স্নেহেৰে বুকুত টানি ল’বলৈ ?
নে আমেজ ল’বলৈ নিৰপেক্ষ দৰ্শক হ’বা…!!
পাৰিবানে শেঁতা পৰা এণ্টাৰ্কটিকাক আৰু
বিদ্ৰুপৰ বাণেৰে স্পষ্টভাৱে হত্যা কৰা
সেই মৃতপ্ৰায় জীৱটোক
তোমাৰ হৃদয়ৰ উষ্মৰক্তী এণ্টিবায়’টিকেৰে
জীয়াই তুলিবলৈ ?
তুমি জানো বুজি পাবা
মোৰ নীৰৱ অভিমানবোৰ… কিয়নো
মোৰ অক্ষিপটৰ চৌদিশে দিছো চীনৰ… বিশাল দেৱাল
নয়নাশ্ৰু নিগৰি পৰা একেবাৰেই নিষিদ্ধ।
হেজাৰ কষ্টত বুকু ফাটিলেও মুখ নাফাটে।
আৱেগৰ বহিঃপ্ৰকাশ পৰাপক্ষত নহয়েই
কিয় জানা ? চকুৰ ভাষা নুবুজা লোকক
হৃদয়ৰ ভাষা বুজাবলৈ অন্ততঃ মই আগ্ৰহী নহওঁ।
জীৱনৰ দুৱাৰডলিত সাম্প্ৰতিক
চিকিউৰিটি ৰাখিছোঁ মায়াহীনতাক …
সেয়ে আকৌ সুধিছোঁ , তুমি প্ৰস্তুত নে
কেৱল বসন্ততে নহয়, প্রতিটো ঋতুতে
কুলিৰ দৰে সমুধুৰ কণ্ঠেৰে গীত গাই
হৃদয় জুৰাবলৈ ?
পাৰিবাতো নিৰ্লজ্জ মকৰাৰ দৰে
প্ৰেমৰ মায়াজালটো অহৰ্নিশে গাঁঠিবলৈ ?
নে মাজ সাগৰত বঠাটো হাতত লৈ
নীলিম জলৰাশিত নাওখন আৰু মোক এৰি
পলায়ন কৰিবা…!
নে অজস্র সপোনৰ ৰহঘৰাত
এচিড ঢালি দূধৰ্ষ প্ৰেমিকৰ দৰে
নিমিষতে অদৃশ্য হৈ যাবা ?
নে নতুনত্বৰ মাদকতা ল’বলৈ
দুর্বলতাবোৰ প্রথমে ঔষধৰ দৰে গিলি
সমাজৰ আগত মুখাৰ আঁৰৰ ৰূপটো
নিজেই উদঙাই দিবা ?
নে তপ্তকাঞ্চন-বৰ্ণৰ দৰে ভালপোৱাবোৰক
 পিছলৈ তীব্র উপেক্ষাৰ ৰূপ দিবা ?
এই যে সৰাপাতটো গচকি নগৈ
আকলুৱা মৰমেৰে তুলি লৈছা ,
পাৰিবাতো ভালপোৱাৰ জলবায়ুৰে
চিৰসেউজ উদ্ভিদৰ দৰে সজীব কৰি ৰাখিবলৈ ?
নে কামোদ্দীপনাক চৰিতাৰ্থ কৰিবলৈ
যান্ত্রিক বতৰৰ আগমন ঘটাবা ?
নে আত্মসন্মানত দাগ লগাৰ উমান পালেই
 আওঢাল হৈ হাতখন চুটি কৰি
দূৰৈৰ পৰাই ৰিঙিয়াই চাবা ?
নে সঁচা আৱেগৰ টোপ দি
স্বাৰ্থৰ বৰশীত লগাই
অন্ধকাৰাচ্ছন্ন খালৈত ভৰাই থ’বা ?
পাৰিবানে বিনাদ্বিধাই সৰগ দেখা
বাটটোত জেং দিবলৈ,
যিটো বাটেৰে অনাকাংক্ষিত
বিপদবোৰ খোজকাঢ়ি আহে প্ৰতিনিয়ত।
মোৰ জীৱনৰ ডায়েৰীত
সুখ-শান্তি, প্ৰেম-ভালপোৱা
এতিয়াও মৰীচিকাৰ দৰে…
নঙঠা শিলৰ দৰে কঠিন হৈ পৰিছে হৃদয়খন
পাৰা যদি থাকিবা অনন্তকাললৈ
অধীৰ অপেক্ষাৰে ,
নহ’লে আঁতৰি যাবা স্বেচ্ছাই ।
মোৰ হৃদয়খনক চিন্তাৰ জুইত পুৰি পুৰি ছাঁই কৰাতকৈ
চিতাৰ জুইত ঠেলি দিবা ,
হাঁহিমুখে শান্তিৰে বিলীন হৈ যাম নিৰৱধি…
পাৰিবাতো এইখিনি পৰিশ্ৰম কৰিবলৈ ?