তোমাতে মগণ মই সমস্ত লগণ – মুন শৰ্মা

তোমাতে মগণ মই সমস্ত লগণ
মুন শৰ্মা, লখিমপুৰ
তাইক দেখি সি আচৰিত হ’ল সমীৰ।ভবাই নাছিল তাই ইয়াত কোনো খবৰ নিদিয়াকৈ ওলাব বুলি।ওচৰতে হোৱা হেঁতেন কথা  সিমান ভাবিব লগা নাছিল, কিন্তু তাইৰ যে ঘৰ বহু দূৰত ।দূৰ ও দূৰ সুদূৰ ইংলেণ্ডত। তাতেই তাইক লগ পাইছিল  ব্যক্তিগত এটা কম্পেনীত চাকৰি কৰা অসমীয়া যুৱক সমীৰে,এদিন ৰাস্তাত আহত অৱস্থাত তাইক  অচেতন হৈ পৰি থকাৰ পৰা  তুলি লৈ মেডিকেললৈ গৈছিল। সেইয়া আৰম্ভ সিহঁতৰ সম্পৰ্ক প্ৰথমে বন্ধুত্ব তাত পাছত  প্ৰেম । তাই আছিল ইংলেণ্ডত বাস কৰা এটা বঙালী পৰিয়ালৰ ছোৱালী  নাম মাৰিয়া বেনাৰ্জী।সেই ছোৱালী জনীয়েই আজি আহি উপস্থিত হৈছে তাক বিচাৰি  অসমৰ মূলকত লুকাই থকা এখন গাঁৱত। তাই ঘৰৰ লগতও সমীৰ সম্পৰ্ক  প্ৰথমে নহলে ও লাহে লাহে সিহঁতৰ প্ৰেমৰ সম্পৰ্ক কথা  মাৰিয়াৰ মাক দেউতাকে গম পাইছিল । আপত্তি কৰা নাছিল। কাৰণ তেওঁলোকে বুজিছিল সমীৰ এটা ভাল,ভদ্ৰ লৰা।ছোৱালী জনী এবাৰ বিপদৰ পৰা উদ্ধাৰ কৰাৰ উপৰিও তাইৰ জীৱন কৰিছিল সি পৰিবৰ্তন।অৰ্থাৎ ছোৱালী জনী সি পোৱা প্ৰথম অৱস্থাত এজনী ড্ৰাগছ গ্ৰহণ কৰা  সম্পূৰ্ণ বিদেশী সংস্কৃতি প্ৰতি আকৰ্ষিত ভাৰতীয় ৰীতি- নীতি  পৰম্পৰা একো নমনা বিপথে যোৱা ছোৱালী।কিন্তু সমীৰে  বিভিন্ন প্ৰচেষ্টা চলাই কৌশলেৰে তাইক কৰি তুলিছিল ড্ৰাগছৰ পৰা মুক্ত। বিপথৰ পৰা আঁতৰাই শুদ্ধ পথলৈ আনিছিল।চাৰি বছৰ ভালপোৱাৰ পাছত তাই এদিন লণ্ডনৰ ৰাজপথত  বিয়াৰ প্ৰস্তাব দিছিল সমীৰক।সি ভাবি চাম বুলি কৈছিল। সেই নিশা সি কথা বোৰ ভাবিছিল! পুৱা এটা ফোন ক’ল ,কৰি তাই সুধিছিল, সমীৰ উত্তৰ কি বুলি। সি একো নকৈ ফোনটো কাটি দিছিল।পাছত বাৰে বাৰে তাই ফোন কৰিলে কিন্তু তাৰ লগত যোগাযোগ কৰিব নোৱাৰিলে। লগ ধৰিব তাৰ ৰূম আহিল অফিচ গ’ল কিন্তু তাক কতো লগ নাপালে ।নিশা সি সিহঁতৰ ঘৰলৈ আহিল তাইক মাতিলে  লগত মাক আৰু দেউতাক।সি কৈ গ’ল কথা খিনি প্ৰথমেই কলে ক্ষমা কৰিবা মাৰিয়া,  বৰ্তমান তোমাৰ আৰু মোৰ বিয়া নহ’ব।  মই এই চহৰ এই চহৰ এৰি গুচি যা়ম একেবাৰে। কথা শুনি তিনি জনেই চক হৈ গ’ল।  তাক প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰিলে সকলো উত্তৰ সি দি গ’ল।সিফালে মাৰিয়া  পাগলৰ দৰে হৈ পৰিল। কোনো কাৰণতে তাই যাব নিদিয়ে তাক সমীৰৰো দুখে উপচি পৰিছিল কিন্তু নিজক চম্ভালি নিজৰ সিদ্ধান্ত অটল থাকিল।তাৰেই কিছু দিনৰ পাছত সমীৰে তাইক, তাইৰ পৰিয়ালক আৰু সেই চহৰ এৰিলে।বিমানবন্দৰত তাইক আকৌ অহা প্ৰতিশ্ৰুতি দি আঁতৰি গ’ল।সময় বাগৰিল। নিজৰ জন্মভূমিত সমীৰে উদ্দেশ্য আৰু লক্ষ্যত সি লাগি থাকিল সিফালে মাৰিয়া হৈ পৰিল নিসংগ, মানসিক অশান্তিয়েই তাইক টেটো চেপা দিব ধৰিলে আকৌ হৈ তাই নিচাৰ ৰোষ বন্দী। মাক দেউতাক তাইক লৈ আকৌ চিন্তিত হৈ পৰিল সমীৰক খবৰ দিলে সমীৰো চিন্তাত পৰিল কিন্তু  সি আৰম্ভ কৰা কৰ্ম এৰি আকৌ যাব নোৱাৰা হ’ল তথাপি তাইক ফোনত বহুত বুজালে কিন্তু একো কামত নাহিল।তাৰ পাছত তাৰ লগত প্ৰায় দহ দিন মান  যোগাযোগ নাই সি চেষ্টা কৰিছিল কিন্তু নহল একো যোগাযোগ। সেই দহ দিনৰ শেষত এইয়া তাৰ কাষত উপস্থিত আজি তাই।আহি তাই অসমীয়াতে সমীৰৰ লগত কথা পাতিলে কাৰণ সমীৰে তাইক শিকাইছিল অসমীয়া ক’বলৈ। দুয়োটাই বেছ কিছু সময় আবেগিক হৈ পৰিল। নহ’ব কিয় বহু দিন  আঁতৰি থকা প্ৰেমিক প্ৰেমিকা  যেতিয়া মিলন ঘটে এনে হোৱা স্বাভাৱিক।তুমি কিয় এনেকুৱা কৰিলা সমীৰ? মোক অপেক্ষাত থাকিব কৈ ইমান দিন যোৱা নাই কিয়? মোৰ কাষলৈ তোমাৰ প্ৰেমিকা হিচাপে মোক এবাৰোঁ কাষত পাবলৈ মন নাযায় নে? যায় মাৰিয়া, কিন্তু পৰা নাই মোৰ বহুত কাম, মই মিচলিয়া নহয়, মই কথা দি আহিছোঁ এদিন যামেই তুমি জানা!তোমাক লৈ মই বহুতো সপোন দেখি ৰাখিছোঁ পূৰণ কৰিম মাত্ৰ সময়লৈ অপেক্ষা কৰা মোৰ প্ৰিয়া।মই আৰু নাযাও উভতি সমীৰ। তোমাক বিচাৰি আহিলো  ইমান দূৰ বাট । বহু কষ্ট হ’ল তথাপি মাথোঁ তোমাৰ বাবেই সমীৰ সহ্য কৰিলোঁ। আৰু এতিয়া তোমাক এৰি যোৱা কথা ভাবিব নোৱাৰো।নহয় মাৰিয়া বুজা নাই তুমি, তুমি থাকিবা ইয়াত ! এইয়া এক অসম্ভৱ কথা।  তোমাৰ দৰে এজনী ছোৱালী  এনে এখন ঠাইত থাকিব পাৰিবা নে ? নিজক প্ৰশ্ন কৰা এবাৰ। আৰু তোমাৰ মা দেউতা তোমাৰ অপেক্ষাত,,প্লীজ তুমি গুচি যোৱা। তোমাক মই ভাল পাওঁ আৰু পাই থাকিম আজীৱন তুমি মোৰ হোৱা নোহোৱা সেইয়া সময়ে কব কিন্তু নহলে তোমাৰ নাম আৰু মৰম লৈ মই জীয়াই থাকিম। আৰু যদি তোমাৰ অসুবিধা হয় মোক তুমি পাহৰি গৈ আনৰ লগত সুখী হোৱা তাত মই মোৰ আপত্তি নাই।কথা টো শুনিয়েই সং উঠি গল মাৰিয়াৰ কি বকি আছা তুমি সমীৰ তুমি পাগল হলা নেকি? মই তোমাক এইৰি আনৰ লগত,, ইমান সহজে তুমি এই কথা কব পাৰিবা বুলি ভবা নাছিলো। মই সপোনটো ভবা নাছিলো এই কথা। যি নহওক অন্তৰে ভালপোৱা মানুহ হিচাপে তোমাৰ অবিহনে আৰু কাৰো কথা ভাবিব নোৱাৰো  নোৱাৰিম গোটেই জীৱন মাথোঁ তোমাৰ নামত সমীৰ।বহুত বুজনি দিয়াৰ শেষত একো উপায় নাপায়। লগতে ৰাখিলে মাৰিয়াক   মাক দেউতাকক কথা খিনি কলে তেওঁকে  চিন্তাত পৰিলে যদিও সমীৰৰ ওপৰত বিশ্বাস ৰাখি    তাইক অনুমতি দিলে।আজি কালি তাইৰ সময়েই নাই আন কি সমীৰ মাত এটা দিবলৈ ও। কাৰণ তাই বিৰাট ব্যস্ত  নিৰক্ষৰ  সাধাৰণ মানুহ খিনিৰ কুশলৰ বাবে  কৰি গৈছে অহৰহ প্ৰচেষ্টা। দুয়োটাই কেতিয়াবা কিছু পৰ ওলাই তাৰে মাজত, কাষৰে পাহাৰ খনলৈ বুলি ঢাপলি মেলে তেতিয়া।  দুখ বোৰ আহিব নিদি সুখ বোৰক লৈ খেলে তাৰেই বুকুত। সেউজীয়া বোৰৰ মাজত  আপোন ভুলা। পাহাৰৰ পৰা নামি অহা জুৰি টোত মাত্ৰ সিহঁতে হাঁহে। মুঠতে এসাগৰ দুখৰ মাজতো  সুখী হবলৈ যত্ন কৰে।সমীৰেও  সেই কামৰ বাবেই ইয়ালৈ গুচি আহিছিল ইংলেণ্ড এৰি। চাকৰি কৰি থকা সময়ৰ পৰা মনত অহৰহ  সেই  উন্নয়নৰ পোহৰ   নপৰা  অঞ্চলটোত মানুহ খিনিৰ বাবে কিবা এটা কৰাৰ চিন্তাই আমনি কৰিছিল। তেওঁলোকে সপোন আছে কিন্তু পূৰণ নহয় বিভিন্ন কাৰণত প্ৰতিভা বোৰ নষ্ট হয় উপযুক্ত মঞ্চৰ অভাৱত  এমুঠি অন্ন বাবে দিন ৰাতি একাকাৰ কৰে কিন্তু সদায়  অন্ন মুঠি তাকৰ হয়। চৰকাৰী সুবিধা প্ৰতি বাৰে আহে কিন্তু   বাটতে লুপ্ত হয়। আৰু বহুতো কথা এইবোৰ।আচলতে সি সেই অঞ্চলতে জন্ম। বহু কষ্ট আৰু বাধা নেওচি পৰিয়ালৰ লগতে অঞ্চলৰ মানুহে তাক ডাঙৰ মানুহ কৰিছিল। আৰু সি ডাঙৰ মানুহ হৈ সিহঁতক কথা দিছিল এদিন আহিম  এই অঞ্চলৰ  মানুহে দেখা সপোন বোৰ পূৰণ কৰিব।