তেল মালিচ – মইনুল হক

Pc StockSnap.io
তেল মালিচ
মইনুল হক
এবাৰ fb ত মন্ত্ৰী পত্নীয়ে update দিলে যে – আজি দুদিন ধৰি আমাৰ কুকুৰ টোৰ গা ভাল নহয়, কতো ফুৰিব যোৱা নাই গোটেই দিন বাৰাণ্ডাতে শুই থাকে” তাৰ পিছতেই like আৰু কমেণ্ট ৰ বৰষুণ 2,5 হেজাৰ like 700 কমেণ্ট।উঃ বাপৰে কিমান যে উপদেশ আৰু আপচোছ লেখা জোখা নাই।আনপিনে 85% পাই মেট্ৰিক পাছ কৰা লৰাৰ পঢ়াৰ খৰচৰ বাবে কোনোবাই সহায়ৰ হাত আগবঢ়াব নেকি বুলি কাতৰ অনুৰোধ কৰি এজন নিৰীহ দেউতাই দিয়া update ত সহায় দূৰৰ কথা এটা সু পৰামৰ্শৰে  মন্তব্য দিয়াৰো কৃপনতা। তেনেকৈ বহুতো সাহিত্য, কলা আদি সৃষ্টিৰ ক্ষেত্ৰতো দেখা যায় কি লিখিছে বা আঁকিছে তাক দ’কৈ নাচাই মাথোঁ দেখে কোনে লিখিছে। লিখোঁতাৰ status চাই হে কমেণ্ট কৰা দেখা যায় আৰু তেনে কৰাৰ ফলত ভুল সৃষ্টিৰ প্ৰতি উদগনি জনাই তাৰ সুপ্ত প্ৰতিভাক হত্যা কৰা আৰু আনফালে কোনো এক অনুপম সৃষ্টিৰ মনোবলক সন্মান নিদিয়া পৰিলক্ষিত হয়। ফলত নতুন চামে কিবা কৰাৰ প্ৰয়াস কলিতেই অন্ত পৰে। তাতকৈ ডাঙৰ কথা বঁটা বাহন দিয়াৰ যিহে ধুম বাপৰে টকা দিলেই বঁটা পায় বুলি বহু বু-বা ও শুনা পাওঁ বাৰু যি কি নহওঁক বঁটা পোৱাৰ খবৰ শুনা বা দেখাৰ পিছত বঁটা প্ৰাপকৰ লিখা বিচাৰি হাবাথুৰি খাওঁ, আৰে ভাই কি লিখিনো বঁটা পালে চাব মন যায় দেচোন। গতিকে আহক আমি স্বজন-তোষণ নীতি বৰ্জন কৰি কাৰোবাৰ সৃষ্টিৰ সুন্দৰতাক ভাল বেয়া দোষ গুণ বোৰ সমালোচনাৰ জৰিয়তে তাৰ সৃষ্টিশিলতাক উদগনি জনাওঁ কিয়নো সৃষ্টিৰ সৰু-বৰ বা ধনী-দুখীয়া নাথাকে ই এক স্বতন্ত্ৰ প্ৰতিভা,আলোক সন্ধানী চেষ্টাৰ ফল।তেনেদৰে আন্তৰিকতাৰ ক্ষেত্ৰতো… এবাৰ এগৰাকী ধনী মহিলাই এখন শাড়ীৰ দোকানলৈ গৈ বিক্ৰেতাজনক ক’লে – ‘মোক সস্তীয়া শাড়ী কেইখনমান দেখুওৱাচোন ? মোৰ ল’ৰাৰ বিয়া আৰু বনকৰা ছোৱালীজনীক দিব লাগে ।’কিছু সময়ৰ পিছত, সেই বনকৰা ছোৱালীজনী শাড়ীৰ দোকানখনলৈ আহিল আৰু ছেল্ছ-বয়জনক ক’লে – ‘দাদা, মোক অলপ দামী চাৰ্ট দেখুৱাওকচোন । মোৰ মালিকনীৰ ল’ৰাৰ বিয়াত উপহাৰ দিম ।’দৰিদ্ৰতা মনত নে মানীবেগত ?? ধনী কোন ?সেয়ে,”সৰু বুলি কাকো অৱহেলা নকৰিবা৷ তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে৷”— গ্যেটে৷