তেজৰ ৰং দেখিছ নে ? – আব্দুৰ ৰশিদ

PC - Freepik

তেজৰ ৰং দেখিছ নে ?

আব্দুৰ ৰশিদ
বৰপেটা, মইনবৰী

আদিম পিতৃৰ
সন্তান আমি
হিন্দু-মুছলমান
আৰু যে কিমান ভাগ কৰিছে
আমাৰ আল্লা-ভগৱানে ?
সৃষ্টিকৰ্তাৰ সৃষ্টি জীৱক লৈ
কৰিছোঁ আমি ৰাজনীতি।
স্বাৰ্থৰ বাবে পাহৰিছোঁ আমি
দেশমাতৃক ।।
কৰিছোঁ গণ্ডগোল
হেৰুৱাছো মানৱতা ।
অমানৱীয় গুণ লৈ
আগবাঢ়িছো তেজৰ ফাকু খেলিবলৈ।।
হেৰো ৰক্ত পিপাসুৰ দল ,
দৃষ্টি শক্তিৰে চাইছে নে
তেজৰ ৰং কেনেকুৱা?
নতুবা বিচাৰিব পাৰিব নে
কোনটো ধৰ্মৰ ৰক্ত ?
নাইবা পাৰিব নে
উচ্চ-নীচৰ ৰক্ত বিচাৰি?
বসুমতীয়ে সহ্য কৰিব পৰা নাই
তহঁতৰ কু-কৃৰ্তি।
নিপাত যা তেজ পিপাসুৰ দল
নিপাত যা…….
তহঁতৰ নিপাতে
মংগলময় কঢ়িয়াই আনিব
এইখন বিশ্বক ।
য’ত পাম আমি
সুস্থ-সবল সমাজ
য’ত নাথাকিব কোনো
তেজৰ ৰং বিচাৰি ফুৰা
নৰখাদকৰ দল ।
থাকিব মাথোঁ চৌদিশে
শান্তি আৰু শান্তি।।