তেজৰ চেঁকুৰাবোৰ নদীত উটুৱাই নিদিয়া কিয়? – ৰিতু ভৰালী

তেজৰ চেঁকুৰাবোৰ নদীত উটুৱাই নিদিয়া কিয়?

ৰিতু ভৰালী,যোৰহাট

ইমানবোৰ কথা কেনেকৈ পি খোৱা তুমি?
নাজানো।
এৰা!পি খোৱা মানুহে গমকে নাপাই
কেনেকৈ পিয়ে ঘাম
কেনেকৈ পিয়ে মমতা?
তেজৰ চেঁকুৰাবোৰ নদীত উটুৱাই নিদিয়া কিয়?
মাছবোৰো ৰঙা হৈ যাওক!
নালাগে, থাকক চেঁকুৰা।
ৰূপান্তৰৰ তেজীমলাত প্ৰথমে অষ্টম
আৰু অষ্টমেই প্ৰথম।
ইমানবোৰ কথা কেনেকৈ পি খোৱা তুমি?