তেজৰঙা ফাগুন – সত্যজিৎ গগৈ

Pc অসমীয়া ৱিকিপিডিয়া- Wikipedia

তেজৰঙা ফাগুন

সত্যজিৎ গগৈ
প্ৰযত্নেঃ ডাক্টৰ দয়ানন্দ মাহাত্ব
বামুণী গাঁও(হনুমান মন্দিৰৰ ওচৰত)
কলিয়াবৰ,নগাঁও

উৰুঙা সময়ৰ বুকুচাত উঠি ফাগুন নামি আহে
শুকান পাতবোৰৰ ওপৰেৰে খোজ কাঢ়ে খৰ্ মৰ্
ধূলিয়ৰি বাটতে বহি জীৰাই বাটৰুৱা
লঠঙা ডালবোৰত পক্ষীয়ে কলকলাই,
ফাগুনৰো নিজা বৰণ আছে
যিদৰে ফটফটীয়া পানী
সেউজীয়া পাহাৰ
ক্লেদময় পথাৰ
আৰু তেজৰঙা ফাগুন
ফাগুনত লঠঙা গছবোৰে ধৰ্ণা দিয়ে
যিদৰে বাৰিষাত ভেকুলীৰ টুৰটৰণি
শাওণত মেঘৰ গাজনি
আৰু ফাগুনত বসন্তৰ দাবী,
শিমলু মদাৰৰ ৰঙাই ৰাঙলী কৰে আকাশ
হাত বাউলি মাতে প্ৰেমিক যুগলক
কবিৰ কাপেৰে নিগৰে ৰঙা
গানৰ মাজতো থাকে ফাগুনৰ আশা
চৌদিশে মাথো ৰঙা আৰু ৰঙা।