তেজপুৰ বিশ্ববিদ্যালয়ত দীপাৱলী উদযাপন – উদয়ন চেতিয়া

Pc The Hindu

তেজপুৰ বিশ্ববিদ্যালয়ত দীপাৱলী উদযাপন

উদয়ন চেতিয়া,তৃতীয় ষান্মাসিক
গণসংযোগ আৰু সাংবাদিকতা বিভাগ
তেজপুৰ বিশ্ববিদ্যালয়
যোৱা বছৰ অৰ্থাৎ ৩১ অক্টোবৰ, ২০২৪ত তেজপুৰ বিশ্ববিদ্যালয়ত দীপাৱলী উদযাপন কৰা হয়। যিহেতু দীপাৱলী পোহৰৰ উৎসৱ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰত্যেক হোষ্টেল আৰু বিভাগত বন্তি জ্বলাই পোহৰ কৰি তুলিছিল লগতে পশু কল্যাণ আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক কেম্পাছৰ ভিতৰত আতচবাজী নকৰিবলৈ কঠোৰভাৱে কোৱা হৈছিল। বিশ্ববিদ্যালয়ত হোষ্টেল আৰু বিভাগ ভিত্তিক নিজৰ ধৰণেৰে দীপাৱালী উদযাপন কৰে। দ্বিতীয় দিনৰ বাবে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলক একেলগে মিলি মুকলি মাইক মঞ্চৰ আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছিল আৰু পিছলৈ বিভাগটোৰ শিক্ষক-শিক্ষয়ত্ৰীসকলেও যোগদান কৰিছিল।
দীপাৱলী হৈছে পোহৰৰ উৎসৱ। ভাৰতীয় পৌৰাণিক কাহিনীৰ মতে কোৱা হয় যে ১৪ বছৰ পিছত যেতিয়া শ্ৰীৰাম অসুৰ ৰজা ৰাৱনক পৰাস্ত কৰি পুনৰ অযোধ্যালৈ উভতি আহিছিল আৰু সেই সময়ত শ্ৰীৰামক অযোধ্যালৈ আদৰিবলৈ অযোধ্যাবাসী সকলে নিজৰ নিজৰ ঘৰত বন্তি জ্বলাই পোহৰ কৰি তুলিছিল লগতে পূজা, আতচবাজী, মিঠাই ভাগ-বতৰা কৰি দীপাৱলী পালন কৰিছিল আৰু সেই সময়ৰ পৰাই বৰ্তমান সময় লৈকে দীপাৱলী উদযাপন কৰি আহিছে।
ঠিক তেনেদৰে এইবছৰোও তেজপুৰ বিশ্ববিদ্যালয়ত দীপাৱলী উদযাপন কৰা হয়।