তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য আৰু বিত্তীয় বিষয়াৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰ বিশ্ববিদ্যালয়ৰ অভ্যন্তৰত সংঘটিত হৈ থকা বিভিন্ন অনিয়মৰ বিষয়ে সম্প্রতি এটাৰ পিছত আনটো অভিযোগ উত্থাপিত হৈ আহিছে। উপাচাৰ্য শম্ভুনাথ সিং আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে বিয়াগোম বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে এইবাৰ নিৰাপত্তাৰক্ষীসকলেও উদঙাই দিছে বিশ্ববিদ্যালয়খনত চলি থকা আন এক বিত্তীয় অনিয়ম ।২২ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ চৌহদ উপাচার্য শম্ভুনাথ সিঙৰ অপসাৰণ আৰু দুর্নীতি- অনিয়মৰ দাবীত উত্তাল হৈ থকাৰ পাছতs বিশ্ববিদ্যালয়খনৰ চৌহদত আৰম্ভ হৈছে একপ্ৰকাৰ চিপাহী বিদ্ৰোহৰ দৰে পৰিস্থিতিৰ। ইফালে, বিশ্ববিদ্যালয়খনত চলি থকা প্ৰতিবাদৰ মাজতে বিশ্ববিদ্যালয়ত নিয়োজিত নিৰাপত্তাৰক্ষীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ত ইয়াৰ পূৰ্বে গৃহৰক্ষী বাহিনীৰ জোৱানৰ দ্বাৰাই নিৰাপত্তাৰ দিশটো তদাৰক কৰা হৈছিল। কিন্তু উপাচার্য হিচাপে শম্ভুনাথ সিঙে যোগদান কৰাৰ পাছত উত্তৰ প্ৰদেশৰ জিডিএক্স ছিকিউৰিটী ছলিউছন লিমিটেড নামৰ প্ৰতিষ্ঠানটোক বিশ্ববিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীৰ ঠিকা আবণ্টন দিয়া হয়। প্রনিধানযোগ্য যে ইয়াৰ পাছত স্থানীয় লোককে নিৰাপত্তাৰক্ষী হিচাপে মকৰল কৰিলেও মাছৰ তেলেৰে মাছ ভজাৰ দৰে ইয়াৰ বিপৰীতে বৃহৎ অংকৰ ধন আদায় কৰি আহিছে জিডিএক্স নামৰ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানটোৱে। ইপিনে, নিৰাপত্তাৰক্ষী নিয়োগৰ ক্ষেত্ৰত মইমতালি প্ৰদৰ্শন কৰা কোম্পানীটোৱে নিৰাপত্তাকর্মীসকলে পূর্বে লাভ কৰা সা-সুবিধাও কৰ্তন কৰাৰ অভিযোগ উঠিছে। গুৱাহাটীৰপৰা দুজনে নীৰিক্ষণ কৰা বুলি সদৰী কৰা আৰু মুঠ ২৬২গৰাকী নিৰাপত্তাৰক্ষীয়ে আজি বিশ্ববিদ্যালয়খনৰ প্ৰৱেশদ্বাৰৰ সমীপত ধর্ণা কাৰ্যসূচীত ৰূপায়ণ কৰে। তেওঁলোকে কয় যে তেওঁলোকক নিযুক্তি দিয়াৰ সময়ত নিয়োগ-পত্ৰত তেওঁলোকৰ দৰমহাৰ বিষয়ে কোনো কথাই উল্লেখ কৰা নাই। আনহাতে, ২২ দিন চাকৰি কৰি মাহত ১৫ হাজাৰ টকা আদায় দিয়াৰ উপৰি এবছৰৰ অধিককাল তেওঁলোকৰ পোছাক যোগান ধৰা নাই জিডিএক্সে। একেদৰে এটা টর্চ লাইটৰো যোগান নধৰা জিডিএক্স কর্তৃপক্ষক আপত্তি দর্শালেই গার্ডসকলক বদলি কৰা বা কামৰ পৰা অপসাৰণ কৰাৰ ভাবুকি প্ৰদান কৰে। উল্লেখ্য যে একোজন নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ নামত তেওঁলোকৰ পৰা ১৫ হাজাৰ টকা আদায় লোৱাৰ বিপৰীতে নতুনকৈ নিয়োগ কৰাসকলৰ পৰা ২৫ হাজাৰ টকা পর্যন্ত আদায় কৰা হৈছে। অভিযোগ অনুসৰি, নিৰাপত্তাৰক্ষী নিয়োগৰ নামত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা যি পাণৰ ধন জিডিএক্স প্রতিষ্ঠানে আদায় কৰে, সেই অনুসৰি তেওঁলোকে গার্ডসকলক দৰমহা আদায় নিদি কামৰ তুলনাত বহু কম পৰিমাণৰ ধন আদায় দি আহিছে। পে শ্লিপ নিদিয়াকৈ এইদৰে দৰমহা আদায় দিয়া জিডিএক্সে মন গ’লেই কৰ্মৰত গাৰ্ডক কামৰ পৰা আঁতৰাই ধনৰ বিনিময়ত আন লোকক কৰ্মত নিয়োগ কৰে। অজি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা ছিকিউৰিটী গার্ডসকলে শীঘ্ৰে তেওঁলোকৰ ক্ষেত্ৰত অব্যাহত অন্যায় তথা অনিয়ম দূৰ কৰাৰ দাবী উত্থাপন কৰিছে।
