তেজপুৰ আৰু দেৰগাঁওত ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ 

তেজপুৰ আৰু দেৰগাঁওত ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেৰগাঁৱ আৰু তেজপুৰত অহা ৯ এপ্ৰিলত অনুষ্টিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। ‘কংগ্ৰেছে দেশৰ সীমান্তৰ গাঁওসমূহক তথা অসমক ভাৰতৰ অন্তিম গাঁও বুলি কৈছিল। কিন্তু বিজেপিয়ে অসমক প্রথমখন গাঁৱৰ স্বীকৃতি দিছে। কংগ্ৰেছৰ দীঘলীয়া শাসনকালত উপেক্ষা কৰাৰ বিপৰীতে অটল বিহাৰী বাজপেয়ীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ কাম আৰম্ভ কৰিছিল।’ ঢোলত চাপৰ মাৰি তেজপুৰত নির্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভগা ভগা অসমীয়া ভাষাত ভাষণ আৰম্ভ কৰি উপস্থিত ৰাইজক এনডিএ প্রার্থীসকলৰ হকে ভোটদানৰ আহ্বান জনালে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে। তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত  অসম বিধানসভা নিৰ্বাচনৰ বিজয় সংকল্প সভাত এনডিএ প্রার্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রীজনে। তেওঁ অসম মা কামাখ্যা, শ্রীমন্ত শংকৰদেৱ, বীৰ লাচিত বৰফুকন আৰু পৱিত্ৰ ব্ৰহ্মপুত্ৰৰ ৰাজ্য বুলি উল্লেখ কৰি অসম চাহৰ সুগন্ধিৰ বাবে বিখ্যাত বুলিও মন্তব্য কৰে। কংগ্ৰেছৰ শাসনকালত ৰাজ্যত বোমা বিস্ফোৰণৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰিছিল বুলি উল্লেখ কৰি সিঙে কয় যে বিজেপিৰ কাৰ্যকালত অসমৰ সকলো দিশতে উন্নয়ন হৈছে। ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিকাশ ক্ষিপ্রগতিত আগবাঢ়িছে বুলিও মন্তব্য আগবঢ়াই ৰাজনাথ সিঙে অসমত এতিয়া শান্তি আৰু সমৃদ্ধি বিৰাজ কৰিছে বুলি মন্তব্য কৰে। উল্লেখ্য যে তেজপুৰৰ এনডিএ তথা অগপ প্রার্থী পৃথ্বিৰাজ ৰাভা আৰু নদুৱাৰৰ বিজেপি প্রার্থী পদ্ম হাজৰিকাই অংশগ্রহণ কৰা এই সভাত কংগ্ৰেছৰ কাৰ্যকালত অসম অবৈধ বিদেশীৰে ভৰি পৰাৰ লগতে বেদখল হোৱাৰ কথাও প্ৰতিৰক্ষা মন্ত্ৰীজনে উল্লেখ কৰে।

তেওঁ কয় যে সমগ্ৰ উত্তৰ-পূবৰ বিকাশৰ ইঞ্জিন হৈছে অসম আৰু বৰ্তমান দ্রুত অর্থনৈতিক বিকাশৰ ৰাজ্য হৈছে অসম। অসমৰ ৰাইজৰ পৰিশ্ৰম আৰু বিজেপি চৰকাৰৰ ইতিবাচক মনোভাবৰ বাবে সেয়া সম্ভব হৈছে বুলি মন্তব্য কৰি সিঙে গুৱাহাটীৰ পৰা শিলচৰলৈ দ্রুতগতিৰ কৰিড’ৰ নির্মাণ হ’ব বুলিও কয়। তেওঁ অসমত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাসকলৰ ঠিকনা কাৰাগাৰ হ’ব বুলিও সতর্ক কৰি দিয়ে। আনহাতে, কংগ্ৰেছৰ মল্লিকার্জুন খার্গে আৰু প্রিয়াংক খাগেই ছেমিকণ্ডাক্টৰ ইঞ্জষ্ট্ৰীৰ বিৰোধিতা কৰি অসমৰ যুৱ প্ৰতিভাক তেওঁলোকে উপলুঙা কৰা বুলিও কয় প্ৰতিৰক্ষা মন্ত্রীজনে। তেওঁ কয় যে কংগ্রেছে নিজৰ সভাত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ পৰিৱৰ্তে বাংলাদেশৰ ৰাষ্ট্ৰীয় গীত গাইছিল। তেওঁ লগতে কয় যে অতিথি আপ্যায়ন অসমৰ পৰিচয় আৰু অসমৰ মানুহৰ সৰলতাৰ সুযোগ লোৱা হৈছে। ইপিনে, হিমন্ত বিশ্ব শৰ্মাৰ নামৰ ব্যাখ্যা- ‘হ মানে হিম্মত, ব মানে বিকাশ আৰু বিশ্বাস আৰু শ মানে সুৰক্ষা’ বুলিও কয় তেওঁ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ এনডিএৰ চৰকাৰ হ’ব বুলিও দাবী কৰে সিঙে। প্ৰতিৰক্ষা মন্ত্রী সিঙে বিজেপি আৰু এনডিএৰ বিজয়ৰ ওপৰত দৃঢ় বিশ্বাস প্রকাশ কৰি কয় যে জনতাৰ উৎসাহেই নিশ্চিত বিজয়ৰ ইংগিত দিয়ে। তেওঁ কয় যে অসমৰ সংস্কৃতি, পৰিচয় আৰু মৰ্যাদা ৰক্ষা কৰাৰ লগতে উন্নয়ন নিশ্চিত কৰাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ সংকল্প। তেওঁ পথ, ৰে’ল, বিমান আৰু সেতুৰ ক্ষেত্ৰত হোৱা বৃহৎ উন্নয়নৰ কথাও ভাষণত উল্লেখ কৰে। লগতে ২০৩০ চনৰ ভিতৰত অসমৰ অর্থনীতি ১৫০ বিলিয়ন ডলাৰলৈ লৈ যোৱাৰ লক্ষ্যৰ কথা উল্লেখ কৰি তেওঁ উদ্যোগ, শিক্ষা আৰু স্বাস্থ্যত গুৰুত্বৰে বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে চিকিৎসা মহাবিদ্যালয় আৰু স্বাস্থ্যসেৱাৰ বিস্তাৰ আধুনিক শিক্ষা প্রতিষ্ঠান স্থাপন, ছেমিকণ্ডক্টৰসহ নতুন উদ্যোগত বিনিয়োগ, কর্মসংস্থান আৰু দক্ষতা উন্নয়ন, নামৰূপত স্থাপন হ’বলগীয়া সাৰ কাৰখানাই কৃষকসকলক সহায় কৰাৰ লগতে কর্মসংস্থান সৃষ্টিতো সহায় কৰিব। তেওঁ কয় যে অসম এতিয়া উগ্রবাদ আৰু হিংসাৰ পৰা আঁতৰি শান্তিৰ পথত আগবাঢ়িছে। হাজাৰ হাজাৰ উগ্রবাদীয়ে মূলধাৰালৈ উভতি অহাৰ কথাও তেওঁ উল্লেখ কৰে। ২০০৮ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দৰে ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতিত উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে।

উল্লেখ্য যে কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক শোণিতপুৰ বিজেপিৰ সভানেত্রী মধুস্মিতা হাজৰিকা ডেকাই ফুলৰ মালা আৰু ফুলাম জাপিৰে আদৰণি জনোৱাৰ লগতে অগপ প্রার্থী পৃথ্বিৰাজ ৰাভাই গামোচা, চেলেং আৰু ঢোলেবে সম্ভাষণ জনায়। আনহাতে দেৱগাঁৱৰ শীতল পথাৰত দেৰগাঁৱৰ দলীয় প্রার্থী ড° মৃদুল কুমাৰ দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। দেৰগাঁও নগৰৰ সমীপৱৰ্তী শীতল পথাৰৰ বাগিচা খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাখনত ৰাইজক সম্বোধন কৰি তেওঁ প্রথমে অসমীয়াতে কয়, অসমৰ ৰাইজ কেনে আছে? ভালো? আপোনালোক সকলোলৈকে মৰম যাচিছোঁ। আজি ইয়াত উপস্থিত হৈ মইআনন্দিত হৈছোঁ। আপোনালোকৰ উপস্থিতি দেখি আৰু আনন্দিত হৈছোঁ। আপোনালোকলৈ মোৰ মৰম আৰু শ্রদ্ধা যাচিলোঁ।  তেওঁ দেৰগাঁৱৰ প্ৰাৰ্থী মৃদুল দত্তক বিপুল ভোটত বিজয়ী কৰি বিধানসভালৈ পঠিয়াবলৈ আহ্বান জনায়। দেশত আকৌ বিজেপিৰ চৰকাৰ আহি আছে। ভাজপাৰ প্ৰতিজ্ঞা তথা সংকল্প অনুসৰি অসমৰ সভ্যতা সংস্কৃতি, চিনাকি যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰা হ’ব। আমি আশা কৰোঁ অসমৰ ৰাইজৰ সন্মান ৰক্ষা হওক, অসমৰ উন্নয়ন হওক, অসমৰ বিকাশ হওক। এই সংকল্প লৈয়ে অসমত ডাব্‌ল ইঞ্জিনৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে। তেওঁ কংগ্রেছক তীব্র সমালোচনা কৰি কয়, কংগ্ৰেছ থকা দিনত অসমক উপেক্ষা কৰি আহিছিল, ভেদভাব সৃষ্টি কৰিছিল। যোৱা দহ বছৰত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী থকা ডাব্ল ইঞ্জিন চৰকাৰৰ দিনত অসমক আঁচোৰ এটা পৰিবলৈ দিয়া নাই। প্ৰতাৰণা কৰিবলৈ দিয়া নাই। কংগ্রেছে দিল্লীব লগতে অন্তৰৰ পৰাও অসমক নিলগত ৰাখিছিল। কংগ্ৰেছৰ কুশাসনৰ বাবে অসমত এসময়ত উগ্রবাদ, অত্যাচাৰ, দৰিদ্ৰতা আদিয়ে আগুৰি ধৰিছিল। কংগ্ৰেছৰ দিনত সীমাৰ অঞ্চলসমূহক দেশৰ অন্তিম অঞ্চল বুলি অভিহিত কৰাৰ বিপৰীতে মোদী চৰকাৰৰ দিনত সেই সীমাৰ অঞ্চলসমূহ হিন্দুস্তানৰ প্ৰথম অঞ্চল হিচাপে গ্ৰহণ কৰা হৈছে। আমাৰ নেতা অটল বিহাৰী বাজপেয়ীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পৃথকে মন্ত্ৰিত্বৰ ব্যৱস্থা আনিছিল। উত্তৰ-পূবৰ বিকাশৰ বাবে প্রধানমন্ত্রী মোদীয়ে বিশেষ উদ্যোগ লৈ আহিছে। উত্তৰ-পূবৰ সমস্যা সমাধানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় মন্ত্রীসকল সঘনে অহা-যোৱা কৰে। অসমত এতিয়া আলোচ্য বিষয় নহয় সন্ত্রাসবাদ। ক্ষমতা আৰু অষ্টলক্ষ্মীৰ কথা, প্ৰগতিৰ কথা, উদ্যোগ প্রতিষ্ঠাৰ কথা, আন্তঃগাঁথনিৰ উন্নয়নৰ কথা এতিয়া অসমত আলোচনা হয়। দেশৰ প্ৰধানমন্ত্ৰীজন ৩৬বাৰ অসমলৈ আহিছে। যিটো ইতিহাসত বিৰল। আমি হিন্দুস্তানৰ অগ্রগামী ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। আজি আত্মবিশ্বাসেৰে অসম হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰগতিৰ দিশত আগবাঢ়ি গৈছে। বিকাশৰ কেন্দ্ৰ হৈ গৈছে অসম। নর্থ-ইষ্টৰ বিকাশৰ বৰ্তমান ইঞ্জিন হৈ পৰিছে অসম। যেতিয়া অসম বিকশিত হ’ব তেতিয়া সমগ্ৰ ভাৰত বিকশিত হ’ব বুলি তেওঁ কয়। ৰাইজে জানিবলৈ পাই সুখী হ’ব, গৌৰৱ হ’ব যে অসমৰ এতিয়া সর্বাধিক তীব্রগতিত অর্থনীতিৰ উন্নয়ন হৈছে। ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ তথ্য মতে অসমৰ অৰ্থনীতিৰ অৱস্থা ৪৫ শতাংশ বৃদ্ধি পাইছে। অসমত এতিয়া বিনিয়োগকাৰীৰ সোঁত বৈছে। অসমৰ অৰ্থনৈতিক অৱস্থা ২০৩০ চনৰ ভিতৰত ডেৰশ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা বুলিও তেওঁ উল্লেখ কৰে। আগতে অসমত থকা ছখন চিকিৎসা মহাবিদ্যালয়ৰ পৰিৱৰ্তে এতিয়া অসমত কিমান চিকিৎসা মহাবিদ্যালয় হ’ল আপোনালোকে দেখিছেই। গতিকে মই বিশ্বাস কৰোঁ, উন্নয়নৰ বাবে ভাজপাৰ বিকল্প নাই। এতিয়া স্থাপন কৰা সাৰ কাৰখানাত বাৰ লাখ মেট্রিক টন সাৰ উৎপাদন কৰা হ’ব। ৰে’ল, উৰাজাহাজ আদিৰ ক্ষেত্ৰতো অসমৰ উন্নয়নৰ কথা তেওঁ দোহাৰে। কংগ্ৰেছৰ দিনত নিতৌ সংঘটিত উগ্রবাদ, হত্যা-হিংসাৰ ঘটনা এতিয়া শান্তি চুক্তিৰ মাধ্যমেৰে মষিমূৰ কৰা হৈছে। সভাত প্রার্থী মৃদুল দত্তই ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী দেৰগাঁৱলৈ অহাটো পৰম সৌভাগ্য আৰু ই এক আশীৰ্বাদ বুলি ব্যক্ত কৰি দেৰগাঁওবাসীৰ আশিস কামনা কৰে। বিশাল নির্বাচনী সভাখনত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, বৰ্তমানৰ দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, বিজেপিৰ ৰাজ্যিক সম্পাদক বিস্মিতা গগৈ, অগপৰ উপ-সভাপতি নুরুল চুলতান, বিজেপিৰ মুখপাত্র জয়ন্ত গোস্বামী, বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি চন্দ্র জ্যোতি ঠাকুৰ, অগপৰ জিলা সভাপতি ড° নৃপেন বৰুৱা, দেৰগাঁৱৰ প্ৰভাৰী পার্শ্বজ্যোতি বৰা, চিতাৰাম যাদৱ, অনিল বণিয়াকে ধৰি বিজেপি, অগপ, গণশক্তি আদিৰ বহুকেইজন দলীয় নেতাই অংশগ্রহণ কৰে।