তেজপুৰৰ বিদ্যালয়লৈ গুলীচালনা

তেজপুৰৰ বিদ্যালয়লৈ গুলীচালনা

ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰত সংঘটিত হৈছে এক চাঞ্চ্যলকৰ ঘটনা। তেজপুৰৰ এখন বিদ্যালয়লৈ লক্ষ্য কৰি গুলীচালনা কৰে অচিনাক্ত দুৰ্বৃত্তই। পৰোৱাৰ শোণিতপুৰ বিদ্যা নিকেতনত উদ্ধাৰ কৰা হয় এটা গুলী।জানিব পৰা মতে, বিদ্যালয়খনৰ টিন ফুটি ছাত্রৰ গাত ছিটিকি পৰে গুলীটো। কিন্তু কোনে, কি উদ্দেশ্যেৰে গুলী চলাইছিল সেই বিষয়ে এই পৰ্যন্ত জানিব পৰা হোৱা নাই ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।