তেজপুৰত ঘৰৰ কাষতে এজন যুৱকে পুতি থলে মহিলাৰ মৃতদেহ

Pc BBC

তেজপুৰত ঘৰৰ কাষতে এজন যুৱকে পুতি থলে মহিলাৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা-  তেজপুৰৰ চানমাৰী ৰে’লগেটত চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰাজু আইচ নামৰ এজন যুৱকৰ ঘৰত উদ্ধাৰ মৃতদেহ৷ মৃত বন কৰা মহিলাক পুতি থৈছিল গাঁতত৷ হত্যা কৰি নিজ ঘৰৰ চৌহদত পুতি থোৱাৰ সন্দেহ কৰা হৈছে। ৰাজুৱে সোমবাৰে আৰক্ষীৰ ওচৰত আত্মসৰ্মপণ কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে। ধৃত ৰাজুৱে আৰক্ষীক মহিলা গৰাকীৰ স্বাভাৱিক মৃত্যু হোৱা বুলি ব্যক্ত কৰে৷এতিয়ালৈ মহিলা গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই৷ ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। হত্যাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে ৰাজুক আটক কৰিছে। ধৃত ৰাজু পেছাত এজন ই–ৰিক্সা চালক। ৰাজুক সোধা–পোছা কৰি ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।