তেজপিয়া – আয়শা ছিদ্দিকা

তেজপিয়া   

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

হেৰৌ তেজপিয়া
দুখীয়াৰ তেজ আৰু
কিমান শুহিলে
তোৰ উদৰ হব পূৰ
কিমান প্ৰাণ লাগে আৰু
কিমান তেজ লাগে
কিমান তেজ……
ভেটি কঢ়িলি
মাটি কাঢ়িলি
জাতিক কৰিলি তপ্ত
দুৰ্নীতিৰ কলা অধ্যায়
তল পেলাবলৈ
দুখীয়ালৈ তুলিলি অস্ৰ
কিমান …
আৰু কিমান…
দুখীয়াৰ বুকুত
তুলিলি অস্ত্ৰ…
কৰিলি কেলেংকাৰি
শোষণ কৰিলি
সমস্ত সপোন
তই মানুহ নে
নে ক্ষমতাৰ ৰোষত অন্ধ
দুখীয়াৰ বিননি শুনা নোপোৱা নে..
কিমান লাগে তোক….?
কিমান প্ৰাণ
কিমান বুকুৰ হাঁহি উজাৰি
কিমান শ্ৰমিকৰ উষ্ণ টোপালেৰে
তই গঢ়িবি তোৰ উন্নতিৰ মিনাৰ…?
হেৰৌ তেজপিয়া!
তই জান নে নাই
যি মুখত হাঁহি আছিল
আজি সেয়া হৈছে আৰ্তনাদ…
আৰু কিমান?
আৰু কিমান সপোন ভৰিৰে গচকি
তই গঢ়িবি তোৰ ৰাজনৈতিক ভৱিষ্যৎ?
আৰু কিমান সময়
আৰু কিমান হাহাকাৰ
আৰু কিমান আৰ্তনাদ
আৰু কিমান তেজ শুহি
বুজিবি মানৱতা  শব্দটো….?
মনত ৰাখিবি পৃথিৱীখন
নহয় কেৱল তোৰ
এই মাটি ভেটি নাথাকে চিৰকাল
এইয়া দুখীয়াৰো পৃথিৱী
এয়া দুখীয়াৰো মাটি
দুখীয়াৰ চকুলোৰ অভিশাপে
তোক এদিন নিঃশেষ কৰিব
দহি ছাই কৰিব
অস্তিত্বহীন কৰিব
অভিযোগৰ জঞ্জালত…..