তেওঁ সাধু নে অসাধু ?
”জয় বাবা ভোলেনাথ কী”
গেৰুৱা বসন পৰিহিত জঁটাধাৰী সন্যাসীজনৰ প্ৰৱেশত মই কামৰ পৰা উঠি কেচ কাউন্টাৰলৈ আহি চকীখনত বহিলোঁ।আচলতে মই দোকানৰ ভিতৰৰ কোঠালিত এটা কামত ব্যস্ত আছিলোঁ।অলপ টেনচনতো আছোঁ কাৰণ ঘৰত দুজনমান আলহী আহিছে অথচ পকেটৰ অৱস্থা অতি দুৰ্বল।ওৰে বছৰটোত অনেকবাৰ কৰা অনুৰোধতো নহা আলহী দুগৰাকী আজি হঠাতে মোৰ ঘৰত যে উপস্থিত হ’ব এয়া মোৰ কল্পনাৰ অগোচৰে আছিল। কিন্তু মনটো বহুত ভাল লাগি আছিল কাৰণ ঘৰত আলহী অহা বিষয়টো বৰ ভাল লগা বিষয় আৰু আলহীক সমাদৰ কৰাটো অতি পুণ্যৰ কাম।
-বাচ্চা,কিয়া হাল হ্যেই?
-হুমম,ঠিক হু।
-আল্লাহ,ভগৱান তেৰা ভালা কৰে,শিৱজী কী কৃপা হৌ তুঝপৰ।
-ধন্যাবাদ বাবাজী।
সন্যাসীজনৰ আশীৰ্বাদত মোৰ চিন্তাগ্নিত পুৰি থকা মনটোত শান্তিৰ মলয়া ব’ব ধৰিলে।এনেও কোনোবাই আশীৰ্বাদ কৰিলে মোৰ মনটো সুখ-আনন্দত সেমেকি যায়,তাতে আকৌ এগৰাকী সন্যাসীৰ পৰা এনেদৰে আশীৰ্বাদ পালে নিজকে বৰ ভাগ্যৱান বুলি ধাৰণা হয়।যি সময়ত দেশখনত হিন্দু-মুছলমান বিতৰ্কই দেশখনত জলন্ত সমস্যাৰূপে মূৰ দাঙি থিয় হৈ আছে সেই সময়ত এগৰাকী সন্যাসীয়ে মোৰ দৰে এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তিক আশীৰ্বাদ কৰাটো এক আপুৰুগীয়া বিষয়। এনেইতো চৌদিশে সাম্প্ৰদায়িকতাৰ দুৰ্গন্ধময়ী ধুমুহাই মানুহৰ হৃদয় সমূহ চূৰ্ণ-বিচূৰ্ণ কৰি আছে।তাৰে মাজতে যদি কেতিয়াবা দেখা পাওঁ মৌলনাৰ চাইকেলৰ কেৰিয়াত পণ্ডিত আৰোহন কৰিছে নতুবা পণ্ডিতে দমকল মৰাত মৌলনাই দুহাতৰ অঞ্জলিৰে পানী পান কৰিছে তেনে ছবিবোৰে মনটোত সুখৰ সঞ্চাৰ কৰে। পৃথিৱীত হয়তো আজিও কিছু সৎ ব্যক্তি আছে বাবেই সমূলে ধ্বংস হোৱাৰ পৰা বাচি আছে ওৰে পৃথিৱীখন।
-তেৰা নাম কিয়া হ্যেই?
-জী বাবাজী,মেৰা নাম নাছিৰুদ্দিন হে।
-মাতা পিতা জীৱিত হ্যেই কিয়া?
-জী বাবাজী, মাতা জীৱিত হ্যেই,পিতাজী গুজৰ গয়ে।
-আচ্ছা,শিৱ শংকৰ তেৰা ভালা কৰে।ৱেইছে তু নামাজ আদা কৰতা হ্যেই কিয়া?
-জী বাবাজী,কভী কভী।
-নেহী,পাঁচ টাইম কা নামাজ আদা কৰ।নেহী তো কমচেকম দু টাইম কা।
-ঠিক হ্যেই বাবাজী কৈশিশ কৰুংগা।
নামাজ পঢ়াৰ বাবে উপদেশ দিয়াত তাৰ প্ৰতি মোৰ আস্থা বাঢ়ি গ’ল।মই ভাবিলোঁ স্ব-ইচছাই আজি এখেতক পেট পূৰাই খানা খুৱাম।আজিলৈকে বহুত বাবা, ফকিৰ নতুবা জোনাব পাইছোঁ যিবিলাকে নিজৰ স্বাৰ্থ পূৰণৰ বাবে মিছা কাহিনী অথবা ভেল্কীবাজীৰে পইচা লৈ যায়।
-বাবাজী খানা খায়েংগে?
-নেহী বচ্চে,লে তেৰা হাত আগে কৰ ।
তেওঁৰ ডিঙিত ওলোমাই ৰখা গেৰুৱা বেগটোৰ পৰা ভাঙৰ গুড়ি উলিয়াই হাতৰ মুঠিত মুষ্ঠিবদ্ধ কৰিলে। তেওঁৰ বাঁওহাতেৰে মোৰ হাতখন ধৰিলে আৰু নিজৰ মুঠি চেপি মোৰ হাতত দুই টোপাল পানী পেলালে।আৰু মোৰ মাথাৰ লগতে গোটেই শৰীৰত তেল লগোৱাৰ দৰে লগাব দিলে।ময়ো বুজি নুবুজি তেওঁ কোৱা ধৰণেৰে কৰিলোঁ। লগতে মই আচৰিত হ’লোঁ- “শুকান হাতৰ পৰা পানী নিগৰিলে কেনেকৈনো?” সৰুতে শুনা পাইছিলোঁ ইন্দ্ৰজাল নে মায়াজাল…. তেনে কিবা এটা মেজিক কৰি মানুহক বশ কৰিব পাৰে।মোৰ মনটোত অযুত প্ৰশ্নই আৱৰি ধৰিলে। কেনেকৈ কৰিলে বাৰু?মোৰেই সন্মুখত মোৰেই চকুৰ আগত তেওঁৰ হাতত কেনেকৈ আহিল ক’ৰ পৰা আহিল পানী?সমান্য ভয়ো জাগিল।কিজানি মোকো যাদু কৰে।কিজানি মোৰ চকুত ভেল্কি লগাই মোৰ টকা পইচা লৈ যোৱাৰ পাঙেই পাতিছে নেকি!!নাই নাই হ’ব নোৱাৰে। তেওঁ ভাল মানুহ, তেওঁ বেলেগকৈ ব্যতিক্ৰমী। তথাপিও মোৰ অনিচ্ছাকৃত উদ্বেগে মোক সাৱধান কৰিলে।যিয়েই নকওক মোৰ কেচ কাউন্টাৰৰ ওচৰ চাপিব নিদিওঁ।প্ৰয়োজনত এশ দুশ টকা দিম চাহ পানী খাবলৈ।
-লে বাবু, য়ে বাবজী কা ভাং কা হ্ৰাস(ছাই)।ইছকো তেৰা কেস কাউন্টাৰ মে ৰখ দে,তেৰা ঘৰমে লকস্মী আয়েগী।
এইবাৰ মই আনন্দত নহয় ভয়তে তেওঁ দিয়া ভাঙৰ ছাইখিনি ল’লোঁ আৰু তেওঁৰ নিৰ্দেশ মৰ্মে কেচ বাকচত ছটিয়াই দিলোঁ। তেওঁ এনেকুৱা কোনো আচৰণ কৰা নাই ,যি আচৰণৰ জৰিয়তে মই এইটো ধিয়াব পাৰিম যে তেওঁ মোৰ পৰা টকা পইচা ল’ব। তথাপিও মোৰ মনত সাম্ভাৱ্য শংকা।
-তেৰা হাত আগে কৰ বাচ্চা।
-কিউ?
-আৰে,বাবা কে সাথ ছওৱাল?
-সমা কিজিয়ে,বাবা ঠিক হ্যেই আগে কৰ দিয়া।
-ইছকো ছৌনা ছে বানাকে গলে মে ধাৰণ কৰনা বচ্চে।
তেওঁ মোৰ হাতত এটা ‘মুনষ্টোন” পাথৰ দি মোৰ শৰীৰত ফুৱাব ধৰিলে।এইবাৰ মোৰ ভয় বাঢ়ি গ’ল।মোৰ দোকানৰ গ্লাছৰ দুৱাৰ খন তেওঁ বন্ধ কৰি দি জোৰে জোৰে মন্ত্ৰ মাতিব ধৰিলে-“ঔম জয়ন্তী মংগলা কালি ভদ্ৰকালী কপালিনী……..!!” মই ভয়তে পেঁপুৱা লাগি গ’লোঁ। ওচৰৰ দোকানীক মাতিব খুজিলোঁ যদিও সাহস নাপালোঁ। তেওঁ তেওঁৰ শৰীৰত থকা গেৰুৱা চাদৰখনৰ আঁচল মোলৈ মেলি দিলে-
-দে বচ্চে মেৰে ঝুলে মে পাঁচ কিলো ঘী ঔৰ এক চাদ্দৰ কা প্যসা দে দে। কাল শিৱৰাত্ৰি হ্যেই শিৱ মন্দিৰ মে ঘী চৰহাউংগা ঔৰ আজমেৰ দৰগাহ মে চাদৰ।
মই হতভম্ব হৈ পৰিলোঁ।এয়া কেনেকৈ সম্ভৱ? তেওঁৰ অজানিতে মই এমেজনত ঘীউৰ মূল্য বিচাৰি চালোঁ ।প্ৰতি কেজি ঘীউৰ মূল্য ১২০০ টকা।তেতিয়াহ’লে ৫ কেজি ঘীউৰ মূল্য ৬০০০ টকা লগতে চাদৰৰ দাম কমেও ১০০০ টকা।তাৰমানে তেওঁ ৭০০০০ টকা দাবী কৰি আছে।মোৰ শৰীৰ গৰম হৈ ক্ষণিকতেই তিতি উঠিল।এনে বিপদৰ সন্মুখীন মই কেতিয়াও হোৱা নাই।মোৰ শৰীৰ আৰু বুকু কঁপিব ধৰিলে।চকুৰ পৰা পানী টোপা টোপে সৰিব ধৰিলে।
-বাবাজী,মুঝে সমা কৰো,মেৰা পাছ ওতনী প্যেসা নেহী হে।
-তুমনে কয়ী গল্তী কিয়া হ্যেই কিয়া?সমা মাংগনেকা কিয়া বাত হ্যেই?দেখো বচ্চে য়ে ঘী শিৱজী কে মন্দিৰ মে যায়েংগে।ইসলিয়ে জল্দি কৰো মুঝে কহি ঔৰ ভী জানা হ্যেই।
কথাবোৰ কৈ শেষ নহওঁতেই তেওঁ আঁচল এৰি পিন্ধনত থকা কাপোৰ খনৰ সন্মুখভাগ গুচাই গুপ্তাংগ দেখুৱাব ধৰিলে।মোৰ ভয় আৰু বাঢ়ি গ’ল।কাৰণ গুপ্তাংগ থাকিবলগীয়া ঠাইখিনিত গুপ্তাংগ নাই বৰঞ্চ তাৰে পৰা দীঘলকৈ এডাল ৰূপালী ৰঙৰ শিকলি আকাৰৰ চেইন ওলাই আহিছে, যাক তেওঁৰ কঁকালত মেৰিয়াই ৰাখিছে।ডিঙিত ৰুদ্ৰাক্ষৰ মালা, হাতত ত্ৰিশূলৰ লগতে সৰু মাছ মৰা চেপা আকাৰৰ পাচি।পাচিখন দেখিবলৈ ম’হৰ শিঙৰ বৰণৰ। এনেকুৱা আকাৰৰ মানুহজন(উলংগ) মোৰ সন্মুখত। এতিয়া মোৰ জী যাওঁ যাওঁ।মই কান্দি দিলোঁ লগতে কৰযোৰে ক্ষমা মাগিব ধৰিলোঁ।নাই কোনোপধ্যেই নাযায় হে নাযায়।মই মোৰ মানিবেগ খুলি তেওঁক দেখুৱাই দিলোঁ ৫০ টকীয়া নোট চাৰিখন আছে।( অৱশ্যে মোৰ কেচ বাকচত কাষ্টমাৰে জমা দিয়া ১০০০০ টকা আছে যাৰ বিষয়ে মই পাহৰি আছোঁ।)তেতিয়া তেওঁ মোৰ কেচ দেখুৱাই দিলে আৰু ময়ো পইচা নথকাৰ প্ৰমাণ দিবলৈ কেচটো খুলি পেলালোঁ। কেচত থকা টকাখিনি তেওঁৰ দৃষ্টিগোচৰ হ’ল।মই বিবুদ্ধিত পৰি গ’লোঁ। তেওঁক বুজাবলৈ চেষ্টা কৰিলোঁ। টকাখিনি কাষ্টমাৰৰ বুলি বাৰে বাৰে ক’লোঁ কিন্তু তেওঁ আওকাণ কৰি ত্ৰিশূলডাল দাঙি সজোৰে মন্ত্ৰ মতিব ধৰিলে। অৱশেষত মই নিজৰ জীৱনৰ সুৰক্ষাৰ খাটিৰত ৭০০০ টকা উলিয়াই দিলোঁ।তাৰ পিছত কাউন্টাৰৰ গ্লাছত মূৰ থৈ স্বস্থিৰ নিশ্বাস পেলালোঁ।মূৰ দাঙি চাওঁ ইতিমধ্যে তেওঁ অন্তৰ্ধান হৈছে।
কাজি শ্বাহাদত ইছলাম
দক্ষিণগাঁও, কাহিলীপাৰা, গুৱাহাটী