তেওঁ মোৰ চিনাকি আপোন
মানসী মিশ্ৰ
খিৰিকী খুলিলেই প্ৰতিটো পুৱা
লগপাওঁ মোৰ সেই ভালপোৱা
এৰা, তুমি জানাই দেখোন
সুদীৰ্ঘ দিনৰ চিনাকি সেই ভালপোৱা
যাৰ নাম সেউজীয়া মোৰ অতিকৈ ভাললগা
সৌ পথাৰখন যে আৰু সেউজীয়া
যাক লৈ দেখোঁ সপোন নানা বৰণীয়া
বহু পোৱা-নোপোৱা, দুখ আৰু সুখ
বুটলি লৈ যোৱা সেই যে নৈখন
সেয়াও মোৰ হৃদয়ৰ তেনেই আপোন
এৰা, প্ৰতিটো দিনেই দেখা সেই ভালপোৱা
যিয়ে মোক দিয়ে সুন্দৰ দিনৰ নতুন সপোন