তেওঁক যোৱাগৈ দেখিছিলোঁ – সত্যজিৎ গগৈ

PC - PNGWing
তেওঁক যোৱাগৈ দেখিছিলোঁ
সত্যজিৎ গগৈ, নাহৰকটীয়া, ডিব্ৰুগড়
ডাঙৰ তালি-টোপোলা এটা কৰি
লুংলুঙীয়া আলিবাট টোৰে আবেলি
তেওঁক যোৱাগৈ দেখিছিলোঁ মই।
ফাগুনৰ ফেৰফেৰীয়া মলয়াই
গাত লেপেট খাই থকা চাদৰখন
বাউসিৰ পৰা খহাই পেলাইছিল।
বাটত লগ পালো এজন বৃদ্ধ
তেওঁৰ বিবৰ্ণ মুখমণ্ডলত
জীৰ্ণ দিনৰ দীঘল ৰেখা।
চকু দুটা সৰুকৈ মেলি
আগে আগে এটা মটীয়া ৰঙৰ কুকুৰ
সিও তেওঁৰ স্বৰ্গাৰোহণৰ সহযাত্ৰী।