তৃষ্ণা দাসৰ সুৰেৰে মুখৰিত মঞ্চ
প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও
অসমীয়া সংগীত জগতৰ উজ্জ্বল নক্ষত্র গায়িকা তৃষ্ণা দাসে ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহুত সাংস্কৃতিক অনুষ্ঠানত নিজৰ মধুৰ কণ্ঠৰে উপস্থিত ৰাইজৰ হৃদয় মুগ্ধ কৰিবলৈ সক্ষম হৈছে। স্থানীয় সংগীত প্রেমীসকলে দীৰ্ঘদিন ধৰি প্ৰত্যাশা কৰি থকা এই গীত পৰিৱেশনত দৰ্শকৰ উপস্থিতি আছিল উল্লেখযোগ্য।
অনুষ্ঠানৰ আৰম্ভণিতে তৃষ্ণা দাসে কণ্ঠ দিয়া গীত শুনি উপস্থিত ৰাইজ উল্লাসত নাচি উঠে। তাৰপাছত তেওঁ আধুনিক গীত, লোকগীত আৰু কিছুমান ধৰ্মীয় গীত পৰিৱেশন কৰি শ্ৰোতাসকলক যেন সুৰৰ সাগৰত লৈ যায়। বিশেষকৈ তেওঁৰ গোৱা অসমীয়া আধুনিক গীত শুনি ৰাইজ হাতৰ তালিৰে মঞ্চখন মুখৰিত কৰি তোলে।
অনুষ্ঠানত উপস্থিত সংগীতপ্ৰেমীসকলে তৃষ্ণাৰ কণ্ঠৰ ভূয়সী প্ৰশংসা কৰে। স্থানীয় সংগীত অনুৰাগী প্ৰাণজিৎ মজুমদাৰ আৰু জোনমনি দাসে কৈছিল – “তৃষ্ণাৰ গীতৰশৈলী সঁচাইয়ে অসমৰ গৌৰৱ। তেওঁৰ সুমধুৰ কণ্ঠই অসমীয়া সংগীতক আগলৈ লৈ যাব।”
উল্লেখযোগ্য যে, তৃষ্ণা দাস বহুদিন ধৰি ইখনৰ পিছত সিখন মঞ্চত গীত পৰিৱেশন কৰি আহিছে আৰু দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।তেওঁ বিভিন্ন স্টেজত গীত পৰিৱেশন কৰি বহু সংগীত অনুৰাগীৰ মন জয় কৰি লৈছে। তেওঁৰ এই গীত পৰিৱেশনে পুনৰ প্ৰমাণ কৰিলে যে অসমীয়া সংগীত জগতত তৃষ্ণা দাসৰ স্থান অনন্য।