তৃষ্ণা – জ্যোতি খাটনিয়াৰ

তৃষ্ণা

জ্যোতি খাটনিয়াৰ

মানুহ স্থিৰ হৈ থাকিব নোৱাৰাৰ পৰাই সকলো সমস্যাৰ আৰম্ভণি। দাৰ্শনিক ব্লেইজ পাস্কেলে তাহানিয়ে কৈছিল যে মানুহৰ যদি কোঠালী এটাৰ ভিতৰত অকশৰীয়াকৈ বহি থকাৰ ধৈৰ্যখিনি মাত্ৰ থাকিলহেঁতেন, তেনেহ’লে মানুহৰ কোনো সমস্যাৰেই উদ্ভৱ নহ’লহেঁতেন। মানুহৰ কাম কাজেই মানুহক দুখদায়ক অৱস্থালৈ লৈ যায়। গৌতম বুদ্ধই সংসাৰত দুঃখ আছে বুলি বহু হাজাৰ বছৰ আগতেই ঘোষণা কৰি গৈছে। এই দুঃখৰ কাৰণ ৰূপে তেওঁ তৃষ্ণা বা তনহাক চিহ্নিত কৰিছে। তৃষ্ণাৰ পৰাই সকলো কথাৰ উদ্ভৱ। ইংৰাজীত তৃষ্ণাক desire বুলি অনুবাদ কৰা হৈছে। কিন্তু তৃষ্ণাৰ অৰ্থ অতি ব্যাপক। গৌতম বুদ্ধৰ চাৰিটা মহান সত্যই মানুহৰ সমগ্ৰ জীৱনৰ পৰিক্ৰমা সামৰি লৈছে। এই সত্য কেইটা হ’ল : এক, সংসাৰত দুঃখ আছে। দুই, দুঃখৰ কাৰণ আছে। তিনি, দুঃখৰ ৰোধ কৰিব পাৰি। চাৰি, দুঃখ ৰোধ কৰাৰ উপায় আছে।

আধুনিক আলোচকসকলে গৌতম বুদ্ধৰ এই চিন্তাক চিকিৎসা বিজ্ঞানৰ পদ্ধতিৰ লগত তুলনা কৰিছে। বৌদ্ধ চিন্তাই মানুহৰ অসুস্থতা ( illness) ক চিহ্নিত কৰিছে। এই অসুস্থতাৰ উৎস বিচাৰি পাইছে। অসুস্থতাক ঠিক ঠাক কৰিছে। আৰু সদৌ শেষত এই অসুস্থতা নিৰাময়ৰ বাটটো আমাক দেখুৱাই দিছে। পালি ভাষাত ৰচিত ধম্মচক্কপ্পৱত্তন সূত্ত ( Dhammacakkappavattana Sutta) ত কোৱা হৈছে যে জন্মই দুঃখ। অৱক্ষয় হোৱাটোৱেই দুঃখ। বেমাৰেই দুখ। মৃত্যুয়েই দুঃখ। যিকোনো ভাল নলগা কথাৰ সৈতে সংলগ্ন হৈ পৰিব লগীয়াটোৱেই দুঃখ । আনন্দৰ পৰা আঁতৰিব লগীয়াটোৱেই দুঃখ। বিচৰা বস্তু নোপোৱাটোৱেই দুঃখ। আসক্তিৰ পাঁচোটা কথাকেই দুঃখ বুলি চিহ্নিত কৰা হৈছে। সংস্কৃতৰ ‘ স্কন্ধ’ ধাৰণাটোৰ সৈতে দুঃখৰ ধাৰণাটো সাঙোৰ খাই গৈছে। বৌদ্ধ চিন্তাৰ এই পাঁচটা স্কন্ধ হল ৰূপ, বেদনা , সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান। বৌদ্ধ চিন্তাত দুঃখৰ ধাৰণাটোৱে সেই সকলোবোৰ কথা সাঙুৰি লয় যিবোৰ কথাৰ সৈতে আপোনাৰ , মোৰ দৰে সাধাৰণ মানুহ মুখামুখি হ’বলগীয়া হয়।

বৌদ্ধ চিন্তাত পৃথিৱী বা সংসাৰ কিছুমান চৰ্তৰ দ্বাৰা নিয়ন্ত্ৰিত। আৰু আমি মানুহখিনিও এই চৰ্ত সাপেক্ষে বৰ্তি থাকো। বুদ্ধদেৱে উপলব্ধি কৰিছিল যে এজন মানুহে জীৱনত লাভ কৰা সকলো অভিজ্ঞতাৰ মাজতে দুঃখ নিহিত থাকে। আমাৰ অসম্পূৰ্ণতাৰ আধাৰেই হ’ল দুঃখ। ইংৰাজীত দুঃখক suffering ৰূপে অনুবাদ কৰা হৈছে। কিন্তু যাতনা আৰু দুঃখৰ সম্পৰ্ক বৌদ্ধ চিন্তাত অলপ বেলেগ ধৰণৰ। এজন বৌদ্ধ চিন্তাৰ অনুগামীয়ে কেতিয়াও নকয় যে আমি হাঁহিব নোৱাৰো বা আমি সুখী হ’ব নোৱাৰো। কিন্তু আমাৰ হাঁহি আৰু আনন্দ সদায়ে দুঃখৰ অধীনতেই থাকে। কাৰণ এই দুয়োটা কথাই অস্থায়ী। আমি কেতিয়াবা হঁহা বা কেতিয়াবা আনন্দ পোৱা—— এই দুয়োটাৰ কথাৰ সৈতে জড়িত হৈ থকা আমিবোৰ নিজেই মৃত্যুৰ অধীন।আমাৰ অস্তিত্ব নিজেই স্থায়ী নহয়। গতিকে আমি দুঃখৰ দ্বাৰা নিয়ন্ত্ৰিত ।

বৌদ্ধ চিন্তাই তিনিটা দুঃখৰ কথা উল্লেখ কৰিছে। ইয়াৰে এটা পোনপটীয়াকৈ বেদনাৰ সৈতে সম্পৰ্কিত। যেনে, গজালৰ ওপৰেৰে শুদা ভৰিৰে খোজ কঢ়া অনুভৱ। দ্বিতীয়টো দুঃখ পৰিবৰ্তনৰ সৈতে সম্পৰ্কিত। যিহেতু কোনো বস্তুৱেই স্থায়ী নহয়, সেইবাবে এই ধৰণৰ দুঃখৰ উৎপত্তি হয়। ইয়াৰ সৈতে পৰিবৰ্তনৰ ধাৰণাটো জড়িত হৈ আছে। ইয়াক সংস্কৃতৰ ‘ অনিত্য ‘ শব্দৰ যোগেদি বুজোৱা হয়। এইফালৰ পৰা চাবলৈ গ’লে আমি সুখী হৈ থকা কথাটো যেন দুঃখৰেই এটা ৰূপ। যেন দুঃখৰ এক পূৰ্বাভাস। কাৰণ যিকোনো সময়তে এই সুখ নাইকীয়া হ’ব পাৰে। তৃতীয় দুঃখটো হ’ল আমাৰ পৰিবেশৰ সৈতে । জীৱনত বহু দুঃখ আছে। যেনে বাৰ্ধক্য, মৃত্যু, নিৰাশা, শোক, ৰোগ ইত্যাদি। এই সকলোবোৰৰেই কাৰণ আকৌ জন্ম। সংসাৰত জন্ম নোলোৱা হ’লে এই দুঃখবোৰৰ আমি সন্মুখীন হ’ব নেলাগিলহেঁতেন। জাগতিক বিষয়ৰ প্ৰতি তৃষ্ণাই জন্মগ্ৰহণৰ মূল কাৰণ। কিবা এটা হোৱাৰ অভিলাষ বা পৃথিৱীত উপজিবৰ বাবে মানুহৰ মনত এটা অন্ধ বাসনা থাকে। আৰু সেইবাবেই মানুহৰ সংসাৰত জন্ম হয়। অজ্ঞতা বা অবিদ্যাৰ ফলত পুনৰজন্মৰ প্ৰবৃত্তি মানুহৰ মনলৈ আহে। জগতৰ দুঃখ বা অনিত্যতাক উপলব্ধি কৰিব পাৰিলে মানুহ কৰ্ম বন্ধনৰ পৰা মুক্ত হ’ব পাৰে। সংসাৰ চক্ৰত পৰি মানুহে নানান যাতনা ভোগে। এই যাতনাৰ উৎস ৰূপে মানুহৰ বাসনা বা উপভোগৰ ইচ্ছাক জড়িত কৰি দিয়া হৈছে। তৃষ্ণাই মানুহক অহৰহ পৰিচালিত কৰে। বৌদ্ধ চিন্তাত তৃষ্ণা সম্পূৰ্ণৰূপে মনৰ কথা। এইখিনিতে বৌদ্ধ চিন্তাৰ অনুগামী আৰু অন্যান্য শ্ৰমণ সকলৰ মাজত পাৰ্থক্য আহি পৰে। বৌদ্ধই শৰীৰক কষ্ট দি জৰাজীৰ্ণ শাৰীৰিক অৱস্থাৰ মাজেৰে জীৱই তৃষ্ণাক নাইকীয়া কৰিব পাৰিব বুলি ভবা নাই। তেওঁ কৈছে যে তৃষ্ণাৰ পৰা মুক্তিৰ পথ মানসিক পৰিবৰ্তন আৰু মনোযোগ( mindfulness) ৰ পৰাহে আহিব পাৰে। নিজৰ মনৰ ভিতৰৰ জগতখনলৈ একেৰাহে চাই থাকিব পাৰিলে এক বিশেষ পৰ্যায়ত উপনীত হ’ব পৰা যায়। আমি আমাৰ ভাললগা বস্তু এটা হেৰুৱাইছো। সেই বস্তুটো বা তেনেধৰণৰ বস্তু এটা পাবলৈ আমি অহৰহ চেষ্টা কৰি থাকো ( craving)। এইটো আমাৰ জীৱনৰ ডাঙৰ দুৰ্বলতা। আমি যদি জীৱন আৰু জগতৰ সৈতে সম্পৰ্কিত বস্তুবোৰৰ প্ৰকৃত স্বৰূপ বুজি উঠো, তেনেহ’লে তৃষ্ণাৰ গ্ৰাসৰ পৰা আমি মুক্ত হ’ব পাৰিম। আমি যদি বস্তুবোৰৰ অস্থায়ী ৰূপটোক জানিবলৈ সক্ষম হও, তেনেহলে তৃষ্ণাই আমাক কাবু কৰিব নোৱাৰে। বৌদ্ধ চিন্তাত আমাৰ পাঁচটা ইন্দ্ৰিয়ৰ বাহিৰেও মনক এটা ইন্দ্ৰিয় বুলি ভবা হৈছে। মন ষষ্ঠ ইন্দ্ৰিয়। আমাৰ স্মৃতি আৰু মনত ঘটি থকা কল্পনাসমূহ কেতবোৰ মানসিক বস্তু। সেইবাবে ইন্দ্ৰিয়ই যি অভিজ্ঞতা আমাক দিয়ে , তাক লৈ আমি বিচাৰ কৰিবই লাগিব। বৌদ্ধ চিন্তাৰ এজন প্ৰসিদ্ধ বিদ্বান এৰিখ ফ্ৰওৱালনাৰে ( Erich Frauwallner) এইখিনিতে এটা গুৰুত্বপূৰ্ণ দিশলৈ আমাৰ মনোযোগ আকৰ্ষণ কৰিছে। দিশটো হ’ল বৌদ্ধ চিন্তাই তৃষ্ণাক সংসাৰৰ কাৰণ ৰূপে ডাঙি ধৰাৰ মাধ্যমেৰে তৃষ্ণাৰ আঁৰত থকা কাৰকবোৰক চিহ্নিত কৰাৰ প্ৰয়াস কৰিছে। তৃষ্ণাৰ আঁৰত যিটো কথা জড়িত হৈ আছে, সেই কথাটোৱে আচলতে সংসাৰৰ যাতনাৰ মূল কথা। সেইটো হ’ল ‘ অবিদ্যা ‘। পালি ভাষাত ইয়াক ‘ অভিজ্জ ‘ বুলি কোৱা হৈছে। সাধাৰণ ভাষাত ই হ’ল আমাৰ অজ্ঞতা বা বিভিন্ন বিষয়কলৈ আমাৰ ভুল ধাৰণাসমূহ। ইয়াৰ পৰাই অহং ভাৱৰ উৎপত্তি।

অৱশ্যে আমি এই কথা ক’ব নোৱাৰো যে সংসাৰৰ আঁৰত অজ্ঞতাই প্ৰথমটো কাৰণ। বৌদ্ধ চিন্তাত এনে কথা নাই যে এসময়ত একো নাছিল বা পূৰ্বতে একো নাছিল । আৰু হঠাতে অজ্ঞতা আহি পৰিল। তাৰ পৰাই পৃথিৱী আৰু সংসাৰৰ আৰম্ভণি হল। বৰঞ্চ বৌদ্ধ চিন্তাত অজ্ঞতাও এটা ধাৰণাহে। জন্ম – মৃত্যুৰ চক্ৰত সংসাৰৰ আৰম্ভণি হয়। এই চক্ৰত অজ্ঞ জনহে আৱদ্ধ হৈ পৰে। সেইবাবে এই অজ্ঞতাক অতিক্ৰম কৰিব পাৰিলে নিৰ্বাণৰ পথ মুকলি হয়। বৌদ্ধ চিন্তাত এই চাৰিটা মহৎ সত্যকে ধৰ্মৰ আধাৰ বুলি ধৰা হৈছে। জীৱই এই সত্যক গ্ৰহণ কৰিব পাৰিলেই অজ্ঞতাৰ পৰা মুক্ত হ’ব। বৌদ্ধ চিন্তাৰ অজ্ঞতা আৰু উপনিষদৰ অজ্ঞতাৰ মাজত পাৰ্থক্য আছে। উপনিষদত অজ্ঞতাক অতিক্ৰম কৰিব পাৰিলে আত্মাৰ প্ৰকৃত স্বৰূপ বুজা যায় নাইবা সকলো জাগতিক বস্তুৰ আঁৰত ক্ৰিয়াশীল আত্মাৰ স্বৰূপ জিজ্ঞাসু জনৰ চকুত উদ্ভাসিত হৈ উঠে। বৌদ্ধ চিন্তাই আত্মাৰ ধাৰণাটোক উপনিষদৰ আত্মাৰ লেখীয়াকৈ গ্ৰহণ কৰা নাই। বৌদ্ধ চিন্তাই ক’ব খুজিছে যে আত্মাৰ সৈতে জড়িত যিবিলাক কথা আছে সেইবিলাকৰ সৈতে তৃষ্ণাৰ ধাৰণাটো জড়িত হৈ থাকে। ইয়াৰ লগতেই ‘ মই’ আৰু ‘ মোৰ ‘ ধাৰণাটো সাঙোৰ খাই পৰে। এই গোটেইকেইটাই নতুন নতুন আগ্ৰহ আৰু সম্পৰ্কৰ বিষয়লৈ আমাক লৈ যায়। বৌদ্ধ চিন্তাই অন্ততঃ তিনিটা উপাদানৰ সমষ্টিক লৈ আমাৰ আত্মাক চাব খুজিছে। এইকেইটা হল আমাৰ দেহটো, আমাৰ চিত্ত বা মনটো আৰু আমাৰ আকাৰহীন চৈতন্য। এই সমষ্টিৰ ওপৰতেই মানুহ হিচাপে আমাৰ অস্তিত্ব নিৰ্ভৰশীল। আত্মাই এই সমষ্টিকহে বুজায়। এই সমষ্টি যিহেতু ‘ অনিত্য ‘ গতিকে আত্মাৰ এটা সুকীয়া ধাৰণা বৌদ্ধ চিন্তাত প্ৰয়োজন নাই।

তেনেহ’লে প্ৰশ্ন হ’ব পাৰে বৌদ্ধ চিন্তা অনুসৰণ কৰা মানুহ এজনে জীৱনত কি কৰিব? উত্তৰটো সহজ , সৰল আৰু পোনপটীয়া। তেওঁ আনৰ দুঃখ অনুভৱ কৰিব। সংসাৰৰ যন্ত্ৰণাৰ মূল কাৰণ তৃষ্ণাৰ সৈতে জড়িত অজ্ঞতাক আঁতৰ কৰাৰ চেষ্টা কৰিব। তেওঁ সৃষ্টিশীল শিল্পী ( creative artist) ৰূপে আনক পথ দেখুৱাব; নিৰাসক্ত জীৱনৰ প্ৰতি আগ্ৰহী কৰি তুলিব। বৌদ্ধ চিন্তাত জীৱনক উদ্ভত ( absurd) বুলি ধৰা হোৱা নাই। অস্তিত্ববাদী চিন্তা ( existentialism)ত মানুহৰ অৰ্থৰ অহৰহ কৰা সন্ধান আৰু জগতৰ এই সন্ধানৰ প্ৰতি উদাসীনতাৰ মাজতেই জীৱন পৰিক্ৰমাক দেখুওৱা হৈছে। ই এক উদ্ভত পৰিস্থিতিৰ সৃষ্টি কৰিছে। জাঁ পল ছাৰ্ত্ৰেয়ে মানুহে নিজেই অৰ্থ আৰোপ কৰাৰ প্ৰয়োজনীয়তাৰ কথা কৈছে। আলবেয়াৰ কেমুৱে আনিছে বিদ্ৰোহ ( rebellion) ৰ ধাৰণা। এই বিদ্ৰোহ হিংসাত্মক প্ৰবৃত্তিৰ সৈতে জড়িত কথা নহয়। ই মানুহৰ মহত্বক সাব্যস্ত কৰাৰ এক উপায়। এয়া নাথাকিলে অৰ্থাৎ মানুহে অনিত্য জগতৰ সন্মুখত নিশ্চল, জড় হৈ ৰৈ গ’লে সংসাৰৰ জীৱন আৰু সৌন্দৰ্য্য নাইকীয়া হৈ যাব। গৌতম বুদ্ধ, আলবেয়াৰ কেমু, জাঁ পল ছাৰ্ত্ৰে—- কোনেও জীৱনৰ মহত্বক অস্বীকাৰ কৰা নাই। তেওঁলোকৰ বাটবোৰ সেইবাবে আনন্দ, শক্তি আৰু উজ্জ্বলতাৰে ভৰপূৰ। দুঃখৰ অনুভৱেও আমাক মানৱীয় কৰি তোলে। মনত পৰে কবি নীলমণি ফুকনে বিভিন্ন প্ৰসংগত কোৱা এটা উক্তিলৈ : ” তেওঁ কি কবি , যি আনৰ দুঃখ অনুভৱ কৰিব নোৱাৰে? “

( বুৰঞ্জীবিদ ড° ৰাজেন শইকীয়ালৈ বিশেষ কৃতজ্ঞতাৰে; অন্য এক লেখা প্ৰসংগত তেখেতে আঙুলিয়াই দিয়া বৌদ্ধ চিন্তাৰ ‘ তৃষ্ণা ‘ কথাটোৰ বাবে।)