তৃতীয় সান্ত্বনা বৰুৱা সোঁৱৰণী স্বৰচিত অনলাইন কবিতা প্ৰতিযোগিতাৰ আয়োজন

তৃতীয় সান্ত্বনা বৰুৱা সোঁৱৰণী স্বৰচিত অনলাইন কবিতা প্ৰতিযোগিতাৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ বৰ জীয়ৰী কবি, লেখিকা সান্ত্বনা বৰুৱাৰ সোঁৱৰণত গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু সান্ত্বনা বৰুৱাৰ পৰিয়ালৰ সহযোগত “ সান্ত্বনা বৰুৱা সোঁৱৰণী স্বৰচিত অসমীয়া কবিতা প্ৰতিযোগিতা”খনি ৩য় বাৰৰ কাৰণে অনলাইন( online) মাধ্যমত অনুষ্ঠিত হ’ব৷প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ হিচাপে ৭০০০ টকা , দ্বিতীয় পুৰস্কাৰ ৫০০০ টকা , তৃতীয় পুৰস্কাৰ ৩০০০ টকা নগদ ধন আগবঢ়োৱা হব৷ লগতে ১৫০০ টকাৰ দুটি উদগনিমূলক বঁটাও আগবঢ়োৱা হ’ব ৷ বিজয়ী প্ৰতিযোগীসকলক বঁটাৰ লগতে মানপত্ৰও প্ৰদান কৰা হ’ব৷ প্ৰতিযোগীসকলে স্বৰচিত কবিতা ৩১ আগষ্ট ২০২৪ৰ ভিতৰত পোৱাকৈ competitionpoetrykhsc@gmail.com ত পিডিএফ আকাৰত পঠিয়াব লাগিব৷ প্ৰতিযোগীসকল স্নাতক আৰু মহাবিদ্যালয়ত অধ্যয়নৰত স্নাতকোত্তৰ শ্ৰেণীৰ হ’ব লাগিব৷ প্ৰতিযোগীয়ে স্বৰচিত কবিতা এটাহে পঠিয়াব পাৰিব আৰু কবিতাটো পূৰ্বে আন ঠাইত প্ৰকাশিত হ’ব নালাগিব ৷ প্ৰতিযোগীয়ে কবিতা প্ৰেৰণ কৰোতে অধ্যয়নৰত মহাবিদ্যালয়ৰ পৰিচয় পত্ৰসহ মবাইল নাম্বাৰ আৰু স্থায়ী ঠিকনা পঠিয়াব লাগিব৷ প্ৰতিযোগিতাৰ ফলাফল সমূহ চেপ্তেম্বৰৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ’ব আৰু পুৰস্কাৰ সমুহ ১৭ চেপ্তেম্বৰত তেওঁৰ জন্মদিনৰ দিনা প্ৰদান কৰা হ’ব । সবিশেষ জানিবৰ বাবে ৯৮৫৪৩৫৬৭২০, ৯৮৬৪১৩০৮৩২ , ৮৭২৪৯০৩৩৭৯ আৰু ৯৮৫৪০২০০২৬ ম’বাইল নাম্বাৰত যোগাযোগ কৰিব পাৰিব ৷