তৃতীয় সংখ্যক খেলো ইণ্ডিয়া খেলো অপেন আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজলিল অসমৰ খেলুৱৈ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিমবংগৰ কলিকতাৰ ঘুচৰিত অনুষ্ঠিত হৈ যোৱা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া খেলো অপেন আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ কাৰাটে খেলুৱৈ সকলে ৷যোৱা ইংৰাজী ৪ আৰু ৫ জানুৱাৰী তাৰিখে পশ্চিমবংগৰ কলিকতাৰ ঘুচৰিত অনুষ্ঠিত হৈ যোৱা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া খেলো আন্তঃৰাষ্ট্ৰীয় অপেন কাৰাটে প্ৰতিযোগিতাত অসমৰ প্ৰশিক্ষক কৃষ্ণ ফুকনৰ নেতৃত্বত লেংডন স্কুল অফ কাৰাটেৰ প্ৰশিক্ষাৰ্থী সকলে অংশ গ্ৰহণ কৰি কাটা আৰু কুমিটেত ক্ৰমান্বয়ে ৫ টা সোণ, ৪টা ৰূপ আৰু ৯ টা ব্ৰঞ্জ পদকৰে অসমলৈ সুনাম কঢ়িয়াই আনে ৷ ছিটোৰিঅ কাৰাটে ফেডাৰেচনৰ দ্বাৰা আয়োজিত খেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা বিজয়ী খেলুৱৈ সকল একাধিক ক্ৰমে হ’ল হেনিট ফাংচো,অৰুপল ৰাজবংশী,বৈভৱ বৰ্ণিল বৰা,ভায়োলীনা দেৱী,পূৰৱী ভট্টাচাৰ্যী , নৱনীতা ডেকা, নেনচি টেৰংপি, দেবাংগন ঠাকুৰীয়া, কৌশিক দাস, অৰ্নব ৰয়, অমনদ্বীপ, হিমাংশু কাকতি ৷